প্ৰচণ্ড হিমপ্ৰবাহত আৱদ্ধ ৭ ভাৰতীয় জোৱান

অৰুণাচল প্ৰদেশত সংঘটিত হোৱা হিমস্খলনত এটা টহলদাৰী দলৰ কমেও সাতজন ভাৰতীয় সেনা জোৱান আৱদ্ধ।ৰাজ্যখনৰ কামেং খণ্ডৰ উচ্চ অঞ্চলত বৰ্তমান চলি আছে উদ্ধাৰ অভিযান । উদ্ধাৰ অভিযানত সহায় কৰিবলৈ ইতিমধ্যে বিশেষ দলসমূহক বিমানযোগে প্ৰেৰণ কৰা হৈছে বুলি ভাৰতীয় সেনাই জানিবলৈ দিছে।

ইফালে, ইটানগৰৰ ওচৰৰ ডাৰিয়া পাহাৰত ৩৪ বছৰৰ পিছত এই বছৰত তুষাৰপাত হোৱাৰ লগতে অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ ৰূপা চহৰত দুটা দশকৰ পিছত তুষাৰপাত হৈছে । উল্লেখ্য যে, সীমান্ত ৰাজ্যখনৰ কেইবাটাও উচ্চ অঞ্চল টাৱাং (১০,২০০ ফুট), বমডিলা (৭,৯২৩ ফুট), মেচুখা (৬,২০০ ফুট), জিৰো (৫,৫৩৮ ফুট) আৰু পশ্চিম কামেং জিলাৰ ৰুপা চহৰৰ ওচৰৰ ডাৰিয়া পাহাৰ, দৰংগী উপত্যকাত শনিবাৰে প্ৰচণ্ড তুষাৰপাত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.