প্ৰসংগ: ২৬/১১ মুম্বাই আক্ৰমণ

হাফিজ ছাইদক গতাই দিবলৈ পাকিস্তানক আনুষ্ঠানিকভাৱে ভাৰতে অনুৰোধ জনোৱা বুলি এক বিশেষ সূত্ৰে প্ৰকাশ

নেচনেল ডেস্ক:

২৬/১১ৰ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাফিজ ছাইদক গতাই দিবলৈ পাকিস্তানক আনুষ্ঠানিকভাৱে ভাৰতে অনুৰোধ জনোৱা বুলি এক বিশেষ সূত্ৰে প্ৰকাশ। ভাৰতৰ ম’ষ্ট ৱাণ্টেড সন্ত্ৰাসবাদীজনে পাকিস্তানৰ ভূমিৰ পৰা মুক্তভাৱে কাম কৰি অহাৰ অভিযোগ ভাৰতৰ। শেহতীয়াকৈ তেওঁৰ পুত্ৰ তালহা ছাইদে আগন্তুক পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি ঘোষণা কৰিছিল। ভাৰতৰ বিত্তীয় ৰাজধানী মুম্বাইত সংঘটিত ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ আঁৰৰ মূল অভিযুক্ত আছিল লস্কৰ-ই-তৈবাৰ ৰাষ্ট্ৰসংঘৰ তালিকাভুক্ত সন্ত্ৰাসবাদীটো। উল্লেখ্য যে নিষিদ্ধ সংগঠন লস্কৰ-ই-তৈবাৰ সহ-প্ৰতিষ্ঠাপক হাফিজ আছিল হাফিজ ছাইদ।

মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ২০০৮ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ নিষেধাজ্ঞা সমিতিৰ অধীনত তালিকাভুক্ত কৰা হৈছিল হাফিজ ছাইদক। আমেৰিকা আৰু ইউৰোপীয় সংঘইও ছাইদক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.