প্ৰসিদ্ধ কলা নিৰ্দেশক ফটিক বৰুৱাৰ মৃত্যু

অসমীয়া চিনেমাৰ প্ৰসিদ্ধ কলা নিৰ্দেশক ফটিক বৰুৱাৰ দেহাৱসান৷আজি পুৱা ৯-৪৫ বজাত ইহলীলা সম্বৰণ কৰিলে স্বনামধন্য কলা নিৰ্দেশক গৰাকীয়ে৷ আব্দুল মজিদৰ ‘বনজুই’ৰ পৰা আৰম্ভ কৰি জাহ্নু বৰুৱাৰ স্বৰ্ণকমল বঁটাপ্ৰাপ্ত ‘হালধীয়া চৰায়ে বাওধান খায়’, ড° ভবেন্দ্ৰনাথ শইকীয়াৰ ‘অগ্নিস্নান’,’অনিৰ্বাণ’, হিন্দী চিনেমা ‘ৰক অন টু’কে ধৰি প্ৰায় চাৰিকুৰি অসমীয়া,হিন্দী আৰু বাংলা চিনেমাৰ কলা নিৰ্দেশক হিচাপে কাম কৰি খ্যাতি অৰ্জন কৰিছিল ফটিক বৰুৱাই ৷তিনিচুকীয়াৰ পৰ্বতীয়াত জন্মলাভ কৰা বৰুৱাই কলা নিৰ্দেশক হিচাপে কাম কৰা জাহ্নু বৰুৱাৰ চিনেমা সমুহ আৰু মঞ্জু বৰাৰ প্ৰায়ভাগ চিনেমাৰ লগতে বিশেষভাৱে উল্লেখযোগ্য চিনেমা সমুহৰ মাজত ‘শকুন্তলা আৰু শংকৰ জোচেফ আলী’, ‘ৰাংঢালী’,’বোৱাৰী’,’ঘৰ সংসাৰ’, ‘মন মন্দিৰ’,”এই দেশ মোৰ দেশ’,’নয়নমণি’,’পূজা’,’সৰৱজান’,ৰাগ-বিৰাগ’,’কোলাহল’, ‘নিষিদ্ধ নদী’,’গুণ গুণ গানে গানে’,’অনুৰাগ’,’অস্তৰাগ’, ‘মৎস্যগন্ধা’ আদি অন্যতম৷ ৰাজ্যিক চলচ্চিত্ৰ বঁটাকে ধৰি একাধিক সন্মানেৰে সন্মানিত এইগৰাকী বৰেণ্য কলা নিৰ্দেশকৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ৰাজ্যৰ সাংস্কৃতিক মহল৷।

You might also like
Leave A Reply

Your email address will not be published.