প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ঘৰত CBIৰ অভিযান

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ ঘৰত CBIৰ অভিযান।প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ পুত্ৰ অশোক শইকীয়াক বিছাৰি গুৱাহাটীৰ সৰুমটৰীয়াৰ ঘৰত অভিযান। কলকাতাৰ এটা পুৰনি গোচৰ সন্দৰ্ভত অভিযান চলালে তদন্তকাৰী সংস্থাটোৱে। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ পুত্ৰ অশোক শইকীয়াৰ বিৰুদ্ধে পঞ্জীভুক্ত হৈ আছে CBIৰ ৫/২০০১ আৰু ৬/২০০১ নং গোচৰ।জামিন বিহীন গোচৰত সাঙোৰ খাইছে অশোক শইকীয়াৰ নাম।CBIৰ অভিযানকালত সহযোগ দিশপুৰ আৰক্ষীৰ।।

You might also like
Leave A Reply

Your email address will not be published.