প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ পদ্মভূষণ

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈলৈ ৰাজহুৱা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে মৰণোত্তৰ ভাবে আগবঢ়োৱা হৈছে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ।

তদুপৰি, অসমৰ আঠ গৰাকী ব্যক্তিলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান । পদ্মশ্ৰী বঁটাৰে সন্মানিত হ’বলগীয়া ব্যক্তি সকল ক্ৰমে লখিমী বৰুৱা (সামাজিক সেৱা), বিজয়া চক্ৰৱৰ্তী (ৰাজহুৱা পৰিক্ৰমা), গোপীৰাম বৰগঞা বুঢ়াভকট (কলা), মঙ্গল সিং হাজোৱাৰী (সাহিত্য আৰু শিক্ষা), দুলাল
মঙ্কি (কলা), বিৰুবালা ৰাভা (সামাজ সেৱা), ৰোমান শৰ্মা (সাহিত্য, শিক্ষা–সাংবাদিকতা) আৰু ইমৰান শ্বাহ (সাহিত্য আৰু শিক্ষা)।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে সোমবাৰে ৰাষ্ট্ৰপতি ভৱনত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ১১৯ গৰাকী ব্যক্তিক সন্মানীয় পদ্ম বঁটা প্ৰদান কৰিব।।

You might also like
Leave A Reply

Your email address will not be published.