পৰাজয়ৰ বিচাৰ বিছাৰি আদালতত ‘দিদি’

নিউজ ডেস্ক, এন ই ভাৰত

নিজৰ ৩২ বছৰীয়া ৰাজনৈতিক কেৰিয়াৰত প্ৰথমটো পৰাজয়ক সহজভাৱে কোনোপধ্যেই মানি ল’ব নোখোজে বংগৰ অগ্নিকণ্যাই। সেইবাবেই পশ্চিমবংগৰ শেহতীয়া নিৰ্বাচনত নন্দীগ্ৰাম সমষ্টিৰ পৰা ‘দিদি’ক পৰাভূত কৰি বিজয়ী হৈ অহা বিজেপিৰ প্ৰাৰ্থি তথা বৰ্তমানে পশ্চিমবংগ বিধান সভাৰ বিৰোধী দলপতি সুভেন্দু অধিকাৰীৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। আজি কলকাতা উচ্চ ন্যায়ালয়ত ‘দিদি’ৰ এই গোচৰৰ শুনানি গ্ৰহণ কৰা হয়।

উল্লেখযোগ্য যে শেহতীয়া বংগৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰতিদ্বন্দিতা কৰা অন্যতম সমষ্টি নন্দীগ্ৰামত ‘দিদি’ৰ বিৰুদ্ধে ১,৯৬৫ টা ভোটত বিজয় সাব্যস্ত কৰিছিল বিজেপিৰ সুভেন্দু অধিকাৰীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.