ফিলাডেলফিয়াত ভয়ংকৰ অগ্নিকাণ্ড

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফিলাডেলফিয়াত পুৱতি নিশা সংঘটিত হ’ল ভয়ংকৰ অগ্নিকাণ্ড। জানিব পৰা মতে, ফিলাডেলফিয়া চহৰখনৰ ফেয়াৰমাউণ্ট চুবুৰীয়া অঞ্চলৰ এটা তিনিমহলীয়া আৱাসিক ঘৰত সংঘটিত হোৱা অগ্নিকাণ্ডত সাতটা শিশুসহ তেৰজন লোকৰ মৃত্যু হয়। দুজন লোকক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বুলি অগ্নি নিৰ্বাপক বিষয়াসকলে জানিবলৈ দিয়ে। উল্লেখ্য যে অগ্নিকাণ্ড সংঘটিত হোৱা আৱাসিক ঘৰটোত চাৰিটা স্মোক ডিটেক্টৰ আছিল যদিও আটাইকেইটা বিকল অৱস্থাত আছিল।

ইফালে এঘণ্টাতকৈও কম সময়ৰ পিছত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণলৈ অনিবলৈ সক্ষম হৈছিল।

You might also like
Leave A Reply

Your email address will not be published.