বগলীৰ পাছত এইবাৰ কাণ্ডজ্ঞানহীনতাৰ চিকাৰ এজাক কুকুৰ!

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

টংলা পৌৰ সভাৰ নিৰ্মম সিদ্ধান্তৰ বলি হৈ শ-শ বগলী নিধনৰ চাঞ্চল্য অব্যাহত থকাৰ মাজতে এইবাৰ আৰক্ষীৰ কাণ্ডজ্ঞানহীনতাৰ বাবে এজাক কুকুৰৰ মৃত্যুৰ ঘটনাই মৰ্মাহত কৰি তুলিছে প্ৰকৃতিপ্ৰেমীক। জানিব পৰা মতে গোলাঘাট হৈ নগালেণ্ডলৈ গৈ থকা এখন ট্ৰাকৰ পৰা অসম আৰক্ষীয়ে ৩৭ টা কুকুৰ জব্দ কৰিছিল। এই সাফল্যৰ বাবে প্ৰশংসিতও হৈছিল আৰক্ষী।কিন্তু পৰৱৰ্তী সময়ত খাবলৈ নাপাই, প্ৰতিকুল পৰিৱেশত মেৰাপানী আৰক্ষীৰ জিম্মাত এটা এটাকৈ কৰুণ মৃত্যু ঘটিল কুকুৰ বোৰৰ।বহুজনে কুকুৰ উদ্ধাৰৰ খবৰ পাই নিজৰ হেৰোৱা কুকুৰ বিছাৰি মেৰাপানী আৰক্ষীৰ কাষ চাপিছিল যদিও কাগজ পত্ৰ নোহোৱাৰ অজুহাতত আৰক্ষীয়ে সহযোগ নকৰাৰ অভিযোগ উঠিছে।কুকুৰ ৰখাৰ বাবে মেৰাপানী আৰক্ষী থানাত কোনো আন্তঃগাঁঠনি নথকাৰ অজুহাত দেখুৱাই সম্প্ৰতি এই কৰুণ ঘটনাৰ পৰা দায় সৰা চেষ্টা চলোৱাৰো অভিযোগ উঠিছে আৰক্ষীৰ বিৰুদ্ধে।।

You might also like
Leave A Reply

Your email address will not be published.