বাংলাদেশত ইস্কন ৰাধাকান্ত মন্দিৰ আক্ৰমণ

বাংলাদেশত ইস্কন ৰাধাকান্ত মন্দিৰ আক্ৰমণ উত্তেজিত লোকৰ। বৃহস্পতিবাৰে ঢাকাৰ ৱাৰীস্থিত ২২২ লাল মোহন সাহা ষ্ট্ৰীটত থকা ইস্কন ৰাধাকান্ত মন্দিৰত ২০০ ৰো অধিক লোকে সংঘটিত কৰে আক্ৰমণ। আক্ৰমণকাৰীয়ে মন্দিৰটো ভাঙি দিয়াৰ উপৰিও লুণ্ঠন কৰাৰো অভিযোগ উত্থাপিত হৈছে। উক্ত আক্ৰমণত সুমন্ত চন্দ্ৰ শ্ৰৱণ, নিহাৰ হালদাৰ, ৰাজীৱ ভদ্ৰকে ধৰি আহত হয় বহু লোক। অভিযোগ মতে উত্তেজিত জনতাক নেতৃত্ব দিছিল হাজী শফিউল্লাহ নামৰ এজন ব্যক্তিয়ে। আগতে, ঢাকাৰ টিপু চুলতান ৰোড আৰু চিটাগঙৰ কোতৱালীতো সংঘটিত হৈছিল একে ধৰণৰ ঘটনা।

You might also like
Leave A Reply

Your email address will not be published.