বাঘজানত ড্ৰাগছ সহ আটক ৩ সৰবৰাহকাৰী

তিনিচুকীয়া জিলাৰ বাঘজান আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক ৩ লোকক | বাঘজান থানাৰ অন্তৰ্গত কৰ্দৈগুৰি অঞ্চলত গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে এক অভিযানত চংকু মৰান, ৰাভেশ্বৰ মৰান আৰু বগাধৰ মৰান নামৰ তিনি লোকৰ পৰা ৭ গ্ৰাম ব্ৰাউন চুগাৰৰ লগতে নগদ ২৬,৯০০ টকা, চাৰিটা ইনচুলিন চিৰিঞ্জ আৰু ১১০ টা নিচা জাতীয় টেবলেট জব্দ কৰে। ধৃত তিনিওকে ইতিমধ্যে জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।

You might also like
Leave A Reply

Your email address will not be published.