বাতিল হ’ল মেট্ৰিক, উচ্চতৰ মাধ্যমিক পৰীক্ষা

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

বাতিল কৰা হ’ল হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা।ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অনুষ্ঠিত নহয় ২০২১ চনৰ পৰীক্ষা।পৰীক্ষা নপতাকৈয়ে ৩১ জুলাইৰ ভিতৰত SEBA আৰু AHSEC এ ঘোষণা কৰিব ফলাফল। পূৰ্বৰ ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰি ছাত্ৰ-ছাত্ৰী সকলৰ ফলাফল কিদৰে মূল্যাংকন কৰা হ’ব সেই সন্দৰ্ভত এসপ্তাহৰ ভিতৰত চৰকাৰক জনাবলৈ শণিবাৰে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে পৃথকে দুখন উচ্চস্তৰীয় কমিটি গঠন কৰা হ’ব।

পৰীক্ষা সন্দৰ্ভত কেবিনেটৰ বৈঠকৰ পাছতে আজি দিছপুৰত আছু,এবছু,সাহিত্য সভা,শিক্ষক সংস্থা আদিৰ লগতে স্বাস্থ্য বিভাগৰ সৈতে এক আলোচনাত মিলিত হয় শিক্ষামন্ত্ৰী ৰনোজ পেগু।বৈঠকৰ সৰ্বসন্মত সিদ্ধান্ত মৰ্মে এই বছৰৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।।

You might also like
Leave A Reply

Your email address will not be published.