বানাক্ৰান্ত কাজিৰঙাত গঁড়ৰ বিলৈ

ব্যুৰ’ ৰিপৰ্ট, এন ই ভাৰত-

কাজিৰঙাৰ কঁহৰা বনাঞ্চলত উদ্ধাৰ মাকৰ পৰা বিচ্ছিন্ন হোৱা ১৫ দিনীয়া মতা গঁড়ৰ পোৱালি।
কাজৰিঙা ৰাষ্ট্ৰীয় উদ্যান সম্প্ৰতি সম্পূৰ্ণৰূপে বানৰ কৱলত। বানপানীৰ বাবে ৰাষ্ট্ৰীয় উদ্যান  খনৰ জীৱ জন্তু সমূহে ওখ ঠাইত আশ্ৰয় লোৱাৰ লগতে আন একাংশই ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অতিক্ৰম কৰি কাৰ্বি পাহাৰলৈ গতি কৰিছে। আজি পুৱাৰ ভাগত খাদ্যৰ সন্ধানত ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা  হাইলেণ্ডত আশ্ৰয় লৈছিল মাকৰ সৈতে গঁড়পোৱালীটো। খাদ্যৰ সন্ধানত মাকৰ সৈতে ওলাই অহা গঁড় পোৱালীটো হঠাৎ দিশহাৰা হৈ পৰে। মাকৰ পৰা বিচ্ছিন্ন হৈ মিহিমুখৰ দাঁতি কাষৰীয়া এক স্থানত ৰৈ থকা অৱস্থাত বনবিভাগৰ লোকে প্ৰতক্ষ কৰে গঁড় পোৱালীটো। ইয়াৰ পিছতে বন বিভাগ আৰু পানবাৰীৰত থকা বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰই পোৱালি গঁড়টো উদ্ধাৰ কৰে । উদ্ধাৰ কৰা গঁড় পোৱালিটোৰ বয়স মাত্ৰ ১৫ দিন। গঁড় পোৱালিটোৰ চকুত আঘাতৰ চিন থকা বুলি পশু চিকিৎসকে জানিবলৈ দিছে । বৰ্তমান গঁড় পোৱালিটো পানবাৰীৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনঃসংস্থাপন কেন্দ্ৰত চিকিৎসাধীন হৈ আছে । এই পৰ্যন্ত বানাক্ৰান্ত কাজিৰঙাত ২ টা মৃত আৰু এটা জীৱিত নল হৰিণ উদ্ধাৰ কৰা হৈছে বুলি বন কতৃপক্ষই জনাইছে।।

You might also like
Leave A Reply

Your email address will not be published.