বান-গৰাখহনীয়া ৰোধৰ নিৰ্দেশ মন্ত্ৰী পীযুষ হাজৰিকাৰ

বান-গৰাখহনীয়া ৰোধৰ নিৰ্দেশ মন্ত্ৰী পীযুষ হাজৰিকাৰ

 

আজি জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই তেওঁৰ জনতা ভৱনস্থিত কাৰ্যালয়ৰ সভা কক্ষত অনুষ্ঠিত হোৱা ভাৰ্চুৱেল কনফাৰেন্সৰ জৰিয়তে জলসম্পদ বিভাগৰ এক পৰ্যালোচনা বৈঠকত অংশ গ্ৰহন কৰে। প্ৰতিখন জিলাৰ অভিযন্তাসকলে ভাৰ্চুৱেলী সংযুক্ত হোৱা বৈঠকখনত ৰাজ্যৰ বান-খহনীয়া সমস্যা প্ৰতিৰোধৰ বাবে চলি থকা প্ৰকল্পসমূহৰ বৰ্তমানৰ স্থিতি, অগ্ৰগতি আদি সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে আলোচনা কৰে আৰু সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়।

বৈঠকৰ সময়ত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ বানপানী আৰু গৰাখহনীয়াৰ সমস্যাসমূহ লাঘৱ কৰাৰ লক্ষ্যৰে জলসম্পদ বিভাগে গ্ৰহণ কৰা পদক্ষেপসমূহৰ অগ্ৰগতি, আৰু কাৰ্য্যকৰী দিশসমূহৰ বুজ লয়। তেওঁ উল্লেখ কৰে যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত বিভাগটোৱে উন্নত প্ৰযুক্তিৰ ‍ ব্যৱহাৰ কৰি জৰুৰীকালীন সুৰক্ষা ব্যৱস্থা ৰূপায়ণ আৰু নতুন মথাউৰি নিৰ্মাণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। ৰাজ্যখনৰ কিছুমান অঞ্চল খহনীয়া তথা বানৰ বাবে দুৰ্বল হৈয়ে আছে নেকি সেই বিষয়ে মন্ত্ৰীগৰাকীয়ে পৰ্যালোচনা কৰে। বিভিন্ন জিলালৈ প্ৰেৰণ কৰা সামগ্ৰীৰ পৰ্যাপ্ততাৰ মূল্যায়ন কৰি অতিৰিক্ত সামগ্ৰীৰ প্ৰয়োজনীয়তা সম্পৰ্কে তেওঁ বুজ লয়।

মন্ত্ৰী হাজৰীকাই সংশ্লিষ্ট বিষয়াসকলক দুৰ্বল হিচাপে চিনাক্ত কৰা ৩৩১টা স্থানত সুৰক্ষাৰ কামসমূহ সময়মতে সম্পন্ন কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে। তেওঁ কয় যে এই আঁচনিসমূহ কাৰ্যকৰী কৰোতে মানদণ্ড ৰক্ষা কৰিব লাগিব আৰু সামগ্ৰী মজুতকৰণ আৰু ব‍্যৱহাৰৰ ক্ষেত্ৰত ৰাজহুৱা ধনৰ অপব্যৱহাৰ প্ৰতিৰোধৰ প্ৰতি গুৰুত্ব দিব লাগিব।

আজিৰ বৈঠকত জলসম্পদ বিভাগৰ বিশেষ মুখ্য সচিব চৈয়দিন আব্বাছি, মুখ্য অভিযন্তা ভাস্কৰ শৰ্মাকে ধৰি বিভাগটোৰ অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

You might also like
Leave A Reply

Your email address will not be published.