বিকশিত কৃষি সংকল্প অভিযানত অসমৰ সমূহ কৃষক সমাজক সক্ৰিয় অংশগ্ৰহণৰ বাবে ভাৰতীয় কিষাণ সংঘৰ আহ্বান

বিকশিত কৃষি সংকল্প অভিযানত অসমৰ সমূহ কৃষক সমাজক
সক্ৰিয় অংশগ্ৰহণৰ বাবে ভাৰতীয় কিষাণ সংঘৰ আহ্বান

ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰাণালয়ে অহা ২৯ মে’ৰ পৰা ১২ জুন, ২০২৫ লৈকে দেশজুৰি ‘বিকশিত কৃষি সংকল্প অভিযান’ নামেৰে এক প্ৰাক খাৰিফ কৃষি অভিযান ৰূপায়ণ কৰিবলৈ সিদ্ধান্ত লৈছে। এই অভিযানৰ মূল উদ্দেশ্য হৈছে দেশৰ ৭০০ খন জিলাৰ ভিতৰত ১ ৰ পৰা ১.৫ কোটি কৃষকক কৃষি আৰু আনুষাংগিক ক্ষেত্ৰসমূহৰ বিষয়ে সজাগ কৰা। আমাৰ অসমতো এই অভিযানত ২৬ খন জিলাত, ৩২৫০ খন গাঁও আৰু ৫ লক্ষাধিক কৃষকক সাঙুৰি লোৱাৰ লক্ষ্য় লোৱা হৈছে। ইতিমধ্য়ে কৃষি বিভাগ, আনুষাংগিক বিভাগ সমূহ, বিভিন্ন কৃষিক্ষেত্ৰৰ কৃষি বৈজ্ঞানিকসকলক লৈ ৫২ টা গোট গঠন কৰা হৈছে। বিশেষকৈ খাৰিফ শস্য উৎপাদনত সহায়ক বহনক্ষম প্ৰযুক্তিৰ প্ৰচাৰ, মাটি স্বাস্থ্য কাৰ্ডৰ আধাৰত সাৰৰ ব্যৱহাৰ, কৃষিখণ্ডৰ বিভিন্ন সমস্যাৰ ওপৰত অধ্যয়ন কৰা আৰু তাৰ ওপৰত প্ৰাথমিকতাৰে গৱেষণাৰ ৰূপৰেখা তৈয়াৰ কৰা আদি এই অভিযানৰ মুখ্য উদ্দেশ্য। ভাৰতীয় কিষাণ সংঘই বিগত বৰ্ষসমূহত কৃষকৰ সংৰ্বাঙ্গীন বিকাশাৰ্থে বিভিন্ন চৰকাৰী বিভাগ, প্ৰশাসনৰ সামূহিক প্ৰয়াগৰ লগতে কৃষক সমাজৰ যৌথ সহযোগিতাৰ বাবে আহ্বান কৰি আহিছে। কৃষকৰ প্ৰকৃত মূলভূত প্ৰাথমিক সমস্যাৰ ওপৰত সামগ্ৰিক দৃষ্টিৰে অধ্যয়ন আৰু সামূহিক প্ৰয়াসৰ মাধ্যমৰে সক্ষম, স্বাৱলম্বী কৃষক গঢ়ি আত্মনিৰ্ভৰ গাঁও গঢ়া সম্ভৱ। প্ৰতিখন গাঁও আত্মনিৰ্ভৰ হ’লেহে আমি এখন সমৃদ্ধিশালী ভাৰতৰ কল্পনা কৰিব পাৰিম। কেন্দ্ৰীয় কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াই ভাৰতীয় কিষাণ সংঘক এই অভিযানত অংশগ্ৰহণ কৰিবলৈ আৰু একে সময়তে চৰকাৰী বিভাগসমূহকে এই মহান অভিযানত কিষাণ সংঘক জড়িত কৰিবলৈ আহ্বান জনাইছে। সংগঠনটোৰ ৰাজ্য়িক সাংগঠনিক সম্পাদক কৃষ্ণকান্ত বৰাই লগতে কয়ঃ- “আমি এই মহৎ প্ৰচেষ্টাৰ বাবে কেন্দ্ৰীয় কৃষি মন্ত্ৰী গৰাকীৰ শলাগ লৈছো আৰু চৰকাৰী কৃষি বিভাগৰ লগতে আই.চি.এ.আৰক এই অভিযানৰ বাবে শুভকামনা জনাইছো। ভাৰতীয় কিষাণ সংঘৰ গ্ৰাম্য স্তৰলৈকে থকা প্ৰতিখন সমিতিয়ে এই অভিযানৰ সহযোগিতা আগবঢ়াব আৰু অসমৰ সমগ্ৰ কৃষক সমাজক এই অভিযানৰ সভাসমূহত অংশগ্ৰহণ কৰি লাভ উঠাবলৈ আমি আহ্বান জনাইছো।
কৃষক পঞ্জীয়ন পৰ্টেলৰ কিছু সমস্য়া আৰু এইক্ষেত্ৰত চৰকাৰক ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰিবলৈ কিষাণ সংঘৰ দাবী
 কৃষক পঞ্জীয়ন পৰ্টেলৰ সমস্যা আৰু চৰকাৰক শীঘ্ৰে এই সমস্যাসমূহৰ সমাধানৰ বাবে ফলপ্ৰসূ পদক্ষেপৰ বাবে কিষাণ সংঘৰ দাবী।
 অসমৰ সৰহসংখ্যক কৃষকে মাটিৰ পট্টাত কৃষকজনৰ নিজৰ নাম অন্তৰ্ভুক্ত নোহেৱাৰ বাবে কৃষক পঞ্জীয়ন পৰ্টেলত তেওঁৰ নামটো পঞ্জীয়ন কৰিব পৰা নাই। সেয়ে আমি চৰকাৰক দাবী জনাওঁ যে যদি কৃষক জনৰ তেজৰ সম্বন্ধ থকা পিতৃ, মাতৃ বা ককাদেউতাকৰ নাম পট্টাত সন্নিবিষ্ট আছে তেন্তে কৃষকজনক পৰ্টেলত পঞ্জীয়ন কৰাৰ সুবিধা প্ৰদান কৰিব লাগে।
 আমাৰ বস্তি মাটিত অধিকসংখ্যক প্ৰকৃত কৃষকে উদ্যান শস্যৰ খেতি কৰি আছে যেনে তামোল, পাণ, নাৰিকল, আদা, হালধী, বিভিন্ন ধৰণৰ ফলমূল, নেমুটেঙা ইত্যাদি। তেওঁলোকে এই খেতিৰে নিজে স্বাৱলম্বী হৈ পৰিয়াল পোহপাল দি আছে। দুৰ্ভাগ্যবশত তেওঁলোকৰ নাম এই পৰ্টেলত পঞ্জীয়ন কৰাৰ সুবিধা নাই, গতিকে চৰকাৰে এই কৃষকসকলকো পঞ্জীয়নৰ সুবিধা প্ৰদান কৰিব লাগে। এইক্ষেত্ৰত আমি কওঁ যে বস্তি মাটি হলেওঁ এটা চৰজমিন তদন্ত কৰি মাটিৰ এটা নিৰ্দিষ্ট পৰীসীমা বান্ধি দিব লাগে।
 যিসকল কৃষকে আনৰ পৰা একচনীয়া মাটি ক্ৰয় কৰি কৃষিকৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰি আছে, কিন্তু তেওঁলোকৰ পট্টাত নিজৰ নামটো সন্নিবিষ্ট হোৱা নাই যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে এই পৰ্টেলত নাম পঞ্জীয়ন কৰিব পৰা নাই। সেইখিনি কৃষকক মাটি ক্ৰয় কৰা প্ৰমাণপত্ৰৰ প্ৰতিলিপিৰ আধাৰত পৰ্টেলত পঞ্জীয়নৰ সুবিধা প্ৰদান কৰিব লাগে।
 বহু কৃষকে বিভিন্ন সত্ৰৰ লগত বিভিন্ন পক্ষৰ ভূমি লীজত লৈ কৃষিকৰ্ম কৰি আছে, তেওঁলোকৰ কৃষিভূমিৰ লীজৰ প্ৰমাণপত্ৰৰ ভিত্তিত পঞ্জীয়নৰ সুবিধা কৰি দিব লাগে।
 বনবিভাগে কৃষকক প্ৰদান কৰা ভূমিত খেতি কৰি থকা প্ৰকৃত খিলঞ্জীয়া কৃষকৰ নামো কৃষক পঞ্জীয়ন পৰ্টেলত পঞ্জীয়নৰ সুবিধা প্ৰদান কৰিব লাগে। কিন্তু এইক্ষেত্ৰত তেওঁলোক প্ৰকৃত নথিপত্ৰৰ আৰু প্ৰাপ্তভূমিৰ প্ৰমাণপত্ৰৰ পৰীক্ষা কৰি ল’ব লাগে।”

You might also like
Leave A Reply

Your email address will not be published.