বিজয়ৰ ২২ বছৰঃশ্বহীদ প্ৰণামো তোমাক ..

আজি সম্পূৰ্ণ হ’ল কাৰ্গিল বিজয়ৰ ২২ বছৰ।১৯৯৯ চনত চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে ৬০ দিনীয়া তয়াময়া ৰণৰ অন্তত ২৬ জুলাইৰ দিনটোতে ৫২৭ গৰাকী শ্বহীদ জোৱানৰ ত্যাগৰ বিনিময়ত শত্ৰুৰ হাতৰ পৰা দেশমাতৃক ৰক্ষা কৰিবলৈ সক্ষম হৈছিল ভাৰতীয় সেনাই।১৯৭১ চনত বাংলাদেশ বিভাজনৰ পাছত পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন যুদ্ধ আছিল ১৯৯৯ চনৰ এই কাৰ্গিল যুদ্ধ। দেশমাতৃৰ হকে চৰম ত্যাগ স্বীকাৰৰ অন্তত কাৰ্গিলত ভাৰতীয় বীৰ সেনাই বিজয় ধ্বজা উৰুওৱা ২৬ জুলাইৰ দিনটো সমগ্ৰ দেশবাসীয়ে কাৰ্গিল বিজয় দিৱস ৰূপে উদযাপন কৰি আহিছে।

কাৰ্গিল জয়ৰ ঐতিহাসিক দিনটোত দেশমাতৃৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলৰ প্ৰতি এন ই ভাৰত পৰিয়ালেও যাঁচিছো সশ্ৰদ্ধ প্ৰণিপাত।।

You might also like
Leave A Reply

Your email address will not be published.