বিজ্ঞান ভিত্তিক প্ৰতিভা সন্ধানী পৰীক্ষা

বিজ্ঞান ভিত্তিক প্ৰতিভা সন্ধানী পৰীক্ষা

 গুৱাহাটীস্থিত বামুনীমৈদানৰ “অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ প্রেক্ষাগৃহত, “বিজ্ঞান ভাৰতী”ৰ উদ্যোগত
আজি ৰাষ্ট্ৰীয় পৰ্যায়ত হ’বলগীয়া এলানি বিজ্ঞান ভিত্তিক প্রতিভা সন্ধানী পৰীক্ষাৰ বিষয় সন্দৰ্ভত এখনি তথ্য
সমৃদ্ধ পত্রিকা উন্মোচন কার্যক্রম অনুষ্ঠিত হয় ৷ এই কার্যক্রম অসমত “বিজ্ঞান ভাৰতী”ৰ উত্তৰ-পূৱ ক্ষেত্ৰৰ
সংগঠন “নর্থ ইষ্ট চাইঞ্চ মুভমেন্ট’ৰ উদ্যোগত “অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগ” আৰু
অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ যুটীয়াভাৱে সহযোগিতাত অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰা হৈছে। অনুষ্ঠানত
বিজ্ঞান ভাৰতীৰ ৰাষ্ট্ৰীয় সম্পাদক তথা ৰাষ্ট্ৰীয় ইনভেচন ফাউণ্ডেচনৰ সঞ্চালক অৰবিন্দ ৰাণাডে
কাৰ্যক্ৰমৰ বিতং ব্যাখ্যা কৰি কয় যে ই অকল এক পৰীক্ষাই নহয়, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিজ্ঞানৰ
ধাউতি বঢ়োৱাৰ প্রয়াস। অনুষ্ঠানত কটন আৰু প্ৰাগজ্যোতিষ বিশ্ববিদ্যালয়ৰ উপাচার্য ড০
ৰমেশ চন্দ্ৰ ডেকা আৰু ড০ স্মৃতি কুমাৰ সিন্‌হা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ মাধুৰ্য বৰাৰ লগতে
কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা মহানগৰৰ কেইবাখনো আগশাৰীৰ শিক্ষানুষ্ঠাণৰ অধ্যক্ষ, শিক্ষক শিক্ষয়ত্রী
উপস্থিত থাকি বক্তব্য আগবঢ়ায়। এন ই এচ এমৰ সভাপতি ড০ পৰিমল চন্দ্ৰ ভট্টাচাৰ্যৰ আদৰণি ভাষণেৰে
আৰম্ভ হোৱা অনুষ্ঠানত অসম প্রদূষণ নিয়ন্ত্ৰণ পৰিষদ অধ্যক্ষই সভাপতিত্ব কৰে আৰু অসম ৰাজ্যিক শিশু
অধিকাৰ সুৰক্ষা আয়োগৰ সদস্য ফনীন্দ্ৰ বুজৰবৰুৱাই সকলোকে শলাগ যাচে। উল্লেখযোগ্য যে ষষ্ঠ শ্ৰেণীৰ
পৰা একাদশ শ্রেণী পর্যন্ত ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ নিজৰ পাঠ্যক্ৰমৰ বিজ্ঞান আৰু গণিত বিষয়, সাধাৰণ জ্ঞান,
সংগঠনৰ ফালৰপৰা দিয়া দুখন গ্রন্থ ক্রমে বিশ্ব সভ্যতালৈ ভাৰতীয় বিজ্ঞানৰ অৱদান আৰু এগৰাকী ভাৰতীয়
বিজ্ঞানীৰ জীৱন গাঁথা বিষয় সন্দর্ভত অনুষ্ঠিত হ’ব। ১৪ টা ভাষাতে হ’বলগীয়া পৰীক্ষাৰ প্ৰাৰম্ভিক অৱস্থাত অনলাইন
মাধ্যমত আৰু পৰবৰ্তী সময়ত প্রান্ত, ক্ষেত্ৰ আৰু ৰাষ্ট্ৰীয় পর্যায়ত মেধা ভিত্তিত অনুষ্ঠিত হ’ব। সুখ্যাতীৰে উত্তীর্ণ
ছাত্র- ছাত্ৰী সকলক পুৰস্কৃত কৰাৰ লগতে জলপানি আৰু ভাৰতৰ প্ৰমুখ বৈজ্ঞানীক সংস্থা আৰু
বিজ্ঞানাগাৰ পৰিদৰ্শ কৰাৰ ব্যৱস্থা থাকিব। উল্লাখযোগ্য যে এই অনুষ্ঠানতে যোৱা বছৰৰ পৰীক্ষাৰ ৰাষ্ট্ৰীয়
পৰ্যায়ৰ দ্বিতীয় স্থান প্রাপ্ত অষ্টম শ্ৰেণীৰ ছাত্ৰ কাব্য পোদ্দাৰক সম্বর্ধনা জনোৱা হয়। এন ই এচ এমৰ
উত্তৰ পূৱ সচিব ৰাজীব চন্দ্র শর্মাই আগন্তুক অক্টোবৰ নবেম্বৰ মাহত হ’বলগীয়া এই পৰীক্ষাৰ সফল কামনাৰ
হেতু সকলোৰে সহযোগিতা বিচাৰে।

You might also like
Leave A Reply

Your email address will not be published.