বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

 মাজুলীৰ ৰঙাচাহী মিচিং গাৱঁকে ধৰি কাষৰীয়া প্ৰায় ৫/৬ খন গাঁৱৰ শতাধিক অভিভাৱক ছাত্ৰ-ছাত্ৰী শংকৰ চাপৰি জনজাতি হাইস্কুলত উপস্থিত হৈ শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদকাৰী সকলে শিক্ষা বিভাগে এই বিদ্যালয়খন বৰ্তমানৰ স্থানৰ পৰা প্ৰায় ৫-৬ কিলোমিটাৰ নিলগৰ আন বিদ্যালয়ৰ সৈতে একত্ৰীকৰণ কৰিব বিচৰা বুলি অভিযোগ তুলি শিক্ষা বিভাগৰ এই কাৰ্য যুক্তিসংগত নহয় আৰু এই ছয়-সাঁতখন গাঁৱৰ মাজত থকা হাইস্কুল খন নিবলৈ দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰে ৷ ১৯৮২ চনতেই প্ৰতিষ্ঠা হোৱা বিদ্যালয়খনেই হ’ল ৰঙাচাহি মিচিং গাওঁ অঞ্চলৰ এক মাত্ৰ হাইস্কুল। বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী সকলক শিক্ষক সকলে নিতৌ সুন্দৰ ভাৱেই শিক্ষা প্ৰদান কৰি আহিছে ৷ বিদ্যালয় খন বৰ্তমানৰ স্থানৰ পৰা লৈ যাব বিচৰা কাৰ্য্যৰ ঘোৰ বিৰোধিতা কৰিছে অভিভাৱক সকলে। জনজাতি অঞ্চলৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীৰ সহায় হৈ আহিছে এই বিদ্যালয় খন ৷ অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয় খনত আজি ছাত্ৰ-ছাত্ৰী সকলো উপস্থিত হৈ মুখ্যমন্ত্ৰীক উদ্দেশ্যি ‘মামা আমাক এই বিদ্যালয়তে থাকিবলৈ দিয়ক। মামা আমি বেলেগ স্কুললৈ নাযাওঁ। মামা আমি ইয়াতেই থাকিম বুলি কৈ ৰাজ্যৰ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনায়।
নিজৰ আপোন বিদ্যালয়খন এৰি কোনো কাৰণত নাজায় আন বিদ্যালয়লৈ । ছাত্ৰ ছাত্ৰী সকলৰ লগতে অভিভাৱক সকলো কান্দোনত ভাগি পৰে।

You might also like
Leave A Reply

Your email address will not be published.