বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লক্ষ্য
গুৱাহাটী, ৩জুন:বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অহা ৫জুনত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সমগ্ৰ ৰাজ্যতে প্লাষ্টিকৰ ব্যৱহাৰৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে এলানী কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে।
জনতা ভৱনৰ পৰা ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে জিলা আয়ুক্ত সকলক আজি সাংস্কৃতিক পৰিক্ৰমা, উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই পৰিৱেশ দিৱস সন্দৰ্ভত কেতবোৰ নিৰ্দেশ প্ৰদান কৰে।গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ জিলা সমূহত দৈনিক কেবাহাজাৰ টন প্লাষ্টিক আৱৰ্জনা সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত প্লাষ্টিকৰ পৰা হোৱা প্ৰদূষণ হ্ৰাস কৰাৰ বাবে প্লাষ্টিকৰ ব্যৱহাৰ এৰাই চলা, প্লাষ্টিক জ্বলোৱা বন্ধ কৰাৰ ক্ষেত্ৰত জনসাধাৰণক সজাগ কৰাৰ বাবে ৰাজহুৱা স্থানত সজাগতা মূলক বাটৰ নাট, নৃত্য নাটিকা আদিৰ আয়োজন কৰিবলৈ মন্ত্রী বড়াই আয়ুক্ত সকলক নিৰ্দেশ প্ৰদান কৰে।
এই দিশত সাংস্কৃতিক পৰিক্ৰমা বিভাগে প্ৰয়োজনীয় সহযোগিতা আগ বঢ়াব বুলিও মন্ত্রী গৰাকীয়ে আয়ুক্ত সকলক অৱগত কৰে।
বন বিষয়া সকলক ‘মিছন লাইফ’পৰ্টেলত সজাগতা মূলক কাৰ্য্য সূচীৰ কমেও ৫০ খনকৈ আলোক চিত্ৰ আপলোড কৰাৰ আৰু গছ পুলি বিতৰণ সন্দৰ্ভতো প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰা হয়।
এই সজাগতা মূলক কাৰ্য্য সূচীত ছাত্ৰ -ছাত্ৰীৰ লগতে সমাজৰ গৰিষ্ঠ সংখ্যক লোকক জৰিত কৰাৰ বাবেও ভিডিঅ’ কনফাৰেঞ্চত মত প্ৰকাশ কৰা হয়।
এই ভিডিঅ কনফাৰেঞ্চতে অসমৰ বিভিন্ন প্ৰান্তত নিৰ্মাণ কাৰ্য্য চলি থকা বা আধৰুৱা হৈ থকা জ্যোতি -বিষ্ণু সাংস্কৃতিক প্ৰকল্প সমূহৰ নিৰ্মাণ কাৰ্য্য যাতে ক্ষিপ্ৰ গতিত হয় সেয়া চোৱা চিতাৰ বাবেও জিলা আয়ুক্ত সকলক মন্ত্রী বড়াই নিৰ্দেশ দিয়ে। এই ভিডিঅ’ কনফাৰেঞ্চত মন্ত্রী গৰাকীৰ সৈতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড০ বি কল্যাণ চক্ৰৱৰ্তী, পৰিৱেশ আৰু বন বিভাগৰ বিশেষ সচিব এন কে যাদৱকে ধৰি কেবাগৰাকীও বিষয়া উপস্থিত আছিল।