বিসংগতিপূৰ্ণ ভাবে ঘোষণা CBSEৰ দশম শ্ৰেণীৰ ফলাফল

নিউজ ডেস্ক-

আজি ঘোষণা কৰা হ’ল CBSEৰ দশম শ্ৰেণীৰ ফলাফল।
এইবাৰৰ পৰীক্ষাত উৰ্ত্তীণৰ হাৰ ৯৯.০৪ শতাংশ। বিগত বছৰতকৈ এইবাৰ ৮ শতাংশ বৃদ্ধি পাইছে উত্তীৰ্ণৰ হাৰ। বিগত বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৯১.৪৬ শতাংশ। এইবাৰ ২১.৫ লাখ শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত।

উল্লেখযোগ্য যে ফলাফলৰ পৰা বঞ্চিত হ’ল গুৱাহাটী মহানগৰীৰ কেইখনমান সম্ভ্ৰান্ত বিদ্যালয়ৰ লগতে অসমৰ ভালেকেইখন CBSE মাধ্যমৰ বিদ্যালয়। উকা মাৰ্কশ্বিট লাভ কৰিলে এই কেইখন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে। মহৰ্ষি বিদ্যা মন্দিৰৰ ৫ খন বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাৰ্কশ্বিট উকা পৰিলক্ষিত হ’ল । এইসকল শিক্ষাৰ্থীৰ ফলাফল ২ – ৩ দিনৰ পৰা এসপ্তাহৰ ভিতৰত দিয়া হ’ব বুলি জনাইছে CBSE কৰ্তৃপক্ষই। ঘটনা সন্দৰ্ভত CBSE য়ে বিদ্যালয়সমূহক দোষাৰোপ কৰি ব্যক্ত কৰে যে পলমকৈ বিদ্যালয়সমূহে নথি পত্ৰ জমা দিয়াৰ বাবে ফলাফলত বিসংগতি হৈছে।
উল্লেখ্য যে, ২১.৫ লাখ পৰীক্ষাৰ্থীৰ ভিতৰত এতিয়াও ১৬হাজাৰ ৬৩৯গৰাকীৰ শিক্ষাৰ্থীৰ ফলাফল এতিয়াও ঘোষণা কৰিবলৈ বাকী আছে।।

You might also like
Leave A Reply

Your email address will not be published.