বিহালী সমজিলাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিবস উদযাপন
বিহালী, ৫ জুনঃ বিহালী সম জিলা,বৰগাং বন বিভাগৰ উদ্যোগত আৰু গ্ৰীণ চছাইটিৰ সহযোগত সমগ্ৰ দেশৰ লগতে বিহালীতো বিশ্ব পৰিবেশ দিবস পালন কৰা হয়। প্ৰথমতে বিহালী সমজিলাৰ কাৰ্যালয়ৰ প্ৰাঙ্গণত এখন সভা অনুষ্ঠিত হয়।সমজিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাসে আঁতধৰা সভাত সাংসদ ৰঞ্জিত দত্তই সভাত বিশ্বপৰিবেশ দিৱসৰ তাৎপৰ্য ,গছ গছনিৰ পৰা হোৱা মানুহৰ উপকাৰিতা সম্পৰ্কত বক্তব্য দাঙি ধৰে। এই সভাত বিধায়ক দিগন্ত ঘাটোৱাল,খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মিলন দাস,সমজিলা আৰক্ষী অধিক্ষক গৌৰৱ ভট্টাচাৰ্য,বন বিভাগৰ বিষয়া কৰ্মচাৰী সকল,জেষ্ঠ নাগৰিক সকল আৰু গ্ৰীণ চছাইটিৰ সদস্য সকল উপস্থিত আছিল। ইয়াৰ পিছত এক শোভাযাত্ৰৰে পিছত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়,বৰগাং আদৰ্শ চিকিৎসালয় আৰু বৰগা্ং চেন্টাৰত গছ পুলি ৰোপন কৰা হয়।তাৰ পিছতেই বৰগাং চেণ্টাৰত এখন পথসভা অনুষ্ঠিত হয়।য’ত বিহালীৰ বিধায়ক দিগন্ত ঘাটৌৱাল, সম জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাস, গ্ৰীণ ছ’ছাইটিৰ সভাপতি জয় কুমাৰ সুতাৰে বক্তব্য প্ৰদান গছ পুলি ৰোৱাৰ পিছত স্থানীয় লোকে সংৰক্ষণৰ ব্যৱস্থা ল’ব লাগে বুলিও কয়। লগতে প্লাষ্টিক বৰ্জনৰ কথাও উল্লেখ কৰে।সমজিলা আয়ুক্তই বৰগাং চেণ্টাৰৰ পৰিবেশ সুন্দৰ কৰি ৰাখিবৰ বাবেও দোকানদাৰ সকলক আহ্বান জনায়।এই অনুষ্ঠানত বিহালী মহাবিদ্যালয়ৰ শিক্ষক বৰগাং হাইস্কুলৰ শিক্ষক ছাত্ৰ ছাত্ৰী সকলেও অংশ গ্ৰহণ কৰে। এই ক্ষেত্ৰত বিহালী দৰ্পণৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ।
বিহালীৰ পৰা খগেন মটকৰ প্ৰতিবেদন।