বেংকৰ ভিতৰত কি কৰিছিল অসৎ ৰিতুৰাজে?

ব্যুৰ’ ৰিপৰ্ট, এন ই ভাৰত

ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিস্থিত ভাৰতীয় ষ্টেট বেংকত লজ্জাজনক ঘটনাৰ দোষীক শিৱসাগৰত গ্ৰেপ্তাৰ।১৪ ছেপ্টেম্বৰত সংঘটিত হৈছিল এই লজ্জাজনক কাণ্ড।এগৰাকী মহিলাক কাউন্টাৰত ধনৰ লেনদেনৰ বাবে শাৰীপাতি থকাৰ অৱস্থাত অসৎ ব্যৱহাৰ কৰাৰ অপৰাধত শিৱসাগৰ আৰক্ষীয়ে কৰায়ত্ব কৰে ৰিতুৰাজ গগৈ নামৰ এটা লম্পটক।শিৱসাগৰ ৰাজ্যিক পৰিবহন বাছ আস্থানৰ পৰা কৰায়ত্ব কৰে ৰিতুৰাজ গগৈ ওৰফে ৰিতু নন্দেশ্বৰ শেনছোৱাক।শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত আৰক্ষীৰ দলে কৰায়ত্ব কৰে ৰিতুৰাজক।শিৱসাগৰ বাছ আস্থানৰ পৰা কোনো স্থানলৈ পলায়নৰ যো-জা কৰোতেই আৰক্ষীৰ জালত পৰিল ৰিতুৰাজ। উল্লেখ্য যে কালি কুচৰিত্ৰৰ ৰিতুৰাজে মহিলাগৰাকীৰ অজ্ঞাতেই বেংকতে অসৎ কাৰ্য্য চৰিতাৰ্থ কৰাৰ বাবে চেষ্টা চলাইছিল।এই অসৎ কাৰ্যৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতেই ৰাজ্যজুৰি সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিঙেও টুইট যোগে ৰিতুৰাজ গগৈক গ্ৰেপ্তাৰৰ কথা প্ৰকাশ কৰিছে।উল্লেখ্য যে অভিনেতা হিচাপে পৰিচিত ৰিতুৰাজে বহুকেইখন ধাৰাবাহিকতো অভিনয় কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.