বেপৰোৱা ৰামদেৱ

নেচনেল ডেস্ক, এন ই ভাৰত

নাও ডুবিলেও টিঙৰ পৰা নানামে যোগগুৰু বাবা ৰামদেৱ।এল’পেথিক চিকিৎসাক মূৰ্খৰ বিজ্ঞান বুলি কৈ ককৰ্থনাৰ সন্মুখীন হোৱা বাবা ৰামদেৱৰ এইবাৰ প্ৰত্যাহ্বান চৰকাৰক। ভাৰতীয় চিকিৎসা সংস্থা IMAই ৰামদেৱৰ এল’পেথিক চিকিৎসা সন্দৰ্ভত কৰা মন্তব্যৰ তীব্ৰ প্ৰতিবাদ কৰি যোগগুৰুজনৰ গ্ৰেপ্তাৰৰ দাবী তোলাৰ পিছতেই বেপৰোৱা বাবাৰ মন্তব্য, “মোক কোনেও গ্ৰেপ্তাৰ কৰিব নোৱাৰে”। এল’পেথিক ঔষধ গ্ৰহণ কৰি লাখ লাখ ক’ভিড ৰোগীৰ মৃত্যু হোৱা বুলি বিস্ফোৰক মন্তব্য কৰা বাবা ৰামদেৱৰ বক্তব্যক দুৰ্ভাগ্যজনক আখ্যা দিছিল কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে। ইমানৰ পাছতো ভাৰতীয় চিকিৎসা সংস্থাৰ প্ৰতিবাদক হাঁহি উৰুৱাই দিছে ৰামদেৱে।
ইফালে ৰামদেৱৰ বিৰুদ্ধে এহেজাৰ কোটি টকাৰ মানহানিৰ গোচৰ তৰি ১৫ দিনৰ ভিতৰত ৰাজহুৱা ক্ষমা প্ৰাৰ্থণাৰ বাবে সময়সীমা বান্ধি দিছে উত্তৰাখণ্ডৰ চিকিৎসা সংস্থাই ।।

You might also like
Leave A Reply

Your email address will not be published.