বোকাজানত পুনৰ ৭ কোটিৰ ড্ৰাগছ জব্দ,আটক ২

বোকাজানত পুনৰ উদ্ধাৰ বৃহৎ পৰিমাণৰ হেৰ’ইন।বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটি আৰক্ষী থানাৰ অন্তৰ্গত জনকপুখুৰীত আজি পুৱা চলিছিল ড্ৰাগছ বিৰোধী অভিযান। ৮০ টা প্লাষ্টিকৰ চাবোনৰ বাকচত উদ্ধাৰ এক কিলোঁ পাঁচ গ্ৰাম হেৰ’ইন।আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত মণিপুৰৰ সেনাপতি জিলাৰ বেশি মাও আৰু ডিমাপুৰৰ কাইহা মাও নামৰ দুই সৰবৰাহকাৰীক আটক কৰিছে। উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ আন্তৰ্জাতিক বজাৰ মূল্য প্ৰায় ৭ কোটি টকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।।

You might also like
Leave A Reply

Your email address will not be published.