বৰজুলিত গৰজি উঠিল অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ
নলবাৰী, ৫ জুনঃ খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ বিচাৰি ৰাভা জনগোষ্ঠীৰ সৈতে ঐক্যবদ্ধ ভাৱে আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিজন বায়নৰ। ৰাভা স্বায়ত্ব শাসিত পৰিষদৰ অন্তৰ্গত বৰদুৱাৰ বাগানৰ প্ৰায় পাচঁ হাজাৰ বিঘা ভূমি অসম চৰকাৰে পুঁজিপতিক হস্তান্তৰ কৰি প্ৰায় দুই হাজাৰ একশ পৰিয়ালক উচ্ছেদ কৰি চেটেলাইট টাউন শ্বিপ বনাব খোজা কাৰ্য্যত জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ।বৰদুৱাৰ বাগানৰ বিভিন্ন প্ৰান্তত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক বিজন বায়ন,সহকাৰী সাধাৰণ সম্পাদক দ্বয় প্ৰণৱজ্যোতি কলিতা আৰু প্ৰাগজ্যোতিষ বনিয়া,প্ৰচাৰ সম্পাদক সঞ্জীৱ ৰায় চৌধুৰী,ভূমিপট্টা দাবী সমিতিৰ নেতা আদিত্য ৰাভা,বিশিষ্ট শিক্ষাবিদ ড৹ অৱনী কুমাৰ দাস,যুৱ-ছাত্ৰ পৰিষদৰ গুৱাহাটী মহানগৰ জিলা সমিতি আৰু কামৰূপ গ্ৰাম্য জিলা সমিতিৰ বিষয়ববীয়া সকল উপস্থিত হৈ প্ৰতিবাদী সভা সমূহত অংশগ্ৰহণ কৰে।উক্ত প্ৰতিবাদী সভাত AJYCP ৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিজন বায়নে চৰকাৰক তীব্ৰ সমালোচনা কৰি খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ অক্ষুন্ন ৰাখি বহিৰাগতক মাটি দিয়াৰ চক্ৰান্তৰ পৰা বিৰত থাকিবলৈ চৰকাৰক তীব্ৰ সকীয়নি প্ৰদান কৰে।
নলবাৰীৰ পৰা প্ৰণৱজ্যোতি কলিতাৰ প্ৰতিবেদন