ভয়ংকৰ ডাৱৰ বিস্ফোৰণ

নেচনেল ডেস্ক –

জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ দাচ্চান তহচিল অঞ্চলৰ হোনজাৰ গাঁৱত আজি ডাৱৰ বিস্ফোৰণৰ ফলত কমেও ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০ জনৰো অধিক লোক সন্ধানহীন হৈছে।

কিস্তৱাৰৰ জিলা দণ্ডাধীশ অশোক কুমাৰ শৰ্মাই জনোৱা মতে ধ্বংসাৱশেষৰ পৰা একাধিক মৃতদেহ এইপৰ্যন্ত উদ্ধাৰ কৰা হৈছে । ডাৱৰ বিস্ফোৰণৰ ফলত গাঁওখনৰ কমেও ৮-৯ টা ঘৰ ক্ষতিগ্ৰস্ত হৈছে।
ইতিমধ্যে উদ্ধাৰ অভিযান চলাবলৈ সেনা আৰু আৰক্ষীৰ এটা দল অঞ্চলটোলৈ ততাতৈয়াকৈ ৰাওনা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.