ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন নিহত

দেওবাৰে নিশা গোলাঘাট জিলাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত দুজন লোক নিহত হোৱাৰ উপৰিও আন পাঁচজন লোক আহত হয়। নিহত বিপুল শৰ্মা আৰু মহেন্দ্ৰ কলিতা বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে, গীতমালাৰ পৰা গোলাঘাট অভিমুখে আহি থকা অৱস্থাত দৰাৰ পাৰ্টি কঢ়িয়াই নিয়া এখন বাহনে ঢেকিয়ালৰ ওচৰত গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো।

উল্লেখ্য যে,শিৱসাগৰৰ জাঁজী ফুড ভিলাত বিবাহ অনুষ্ঠানৰ পাছত দৰাৰ পাৰ্টিটো গোলাঘাটলৈ উভতি অহাৰ পথত দুৰ্ঘটনা পতিত হয় বাহনখন।

You might also like
Leave A Reply

Your email address will not be published.