ভয়ংকৰ বিমান দুৰ্ঘটনা

আমেৰিকাৰ হিউষ্টনত সংঘটিত হয় এক ভয়ংকৰ বিমান দূৰ্ঘটনা। মঙলবাৰে হিউষ্টনৰ বাহিৰৰ এটা সৰু বিমানবন্দৰত উৰণৰ প্ৰচেষ্টাৰ সময়ত ব্যক্তিগত জেট এখনত অগ্নিকাণ্ড সংঘটিত হয়। সৌভাগ্যক্ৰমে, বিমান খনত থকা সকলো ২১ জন যাত্ৰী গুৰুতৰ আঘাত নোহোৱাকৈ জীৱন ৰক্ষা পৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমান পৰিবহন বিষয়াসকলে উক্ত খৱৰটো ই মেইল যোগে সদৰি কৰে । ফেডাৰেল এভিয়েচন এডমিনিষ্ট্ৰেচন (এফ.এ.এ.)য়ে জানিবলৈ দিয়ে যে মেকডনেল ডগলাছ এম.ডি.-৮৭ ব্যক্তিগত বিমান খনে স্থানীয় সময় অনুসৰি দিনৰ ১০ বজাত হিউষ্টন কাৰ্যবাহী বিমানবন্দৰৰ পৰা উৰা মৰাৰ পাছত এখন বেৰৰ মাজেৰে পাক লওঁতে জুই লাগিছিল।

বিমানৰ যাত্ৰীসকলে আমেৰিকান মেজৰ বেছবল লীগ আমেৰিকান লীগ চেম্পিয়নশ্বিপ শৃংখলাৰ গেম-৪ ত অংশগ্ৰহণ কৰিবলৈ বষ্টনলৈ গৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.