ভাৰতলৈ আহিব চীনৰ বৈদেশিক মন্ত্ৰী!

চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ এই মাহৰ শেষৰ ফালে ভাৰত ভ্ৰমণৰ সম্ভাৱনা। যদিও ভ্ৰমণৰ তাৰিখ এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই, পূৱ লাডাখৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত ভাৰত আৰু চীনৰ মাজত উত্তেজনাপূৰ্ণ সামৰিক অচলাৱস্থাৰ কথা বিবেচনা কৰি এই ভ্ৰমণ হ’ব অত্যন্ত গুৰুত্বপূৰ্ণ । যদি এই ভ্ৰমণ পৰিকল্পনা অনুসৰি হয়, ২০২০ চনৰ মে মাহত সামৰিক অচলাৱস্থা আৰম্ভ হোৱাৰ পিছত এজন জ্যেষ্ঠ চীনা নেতাৰ দ্বাৰা ভাৰতলৈ হ’ব এইটো প্ৰথম ভ্ৰমণ । আলোচনাত চীনা প্ৰতিনিধি দলটোৰ নেতৃত্ব দিব দক্ষিণ জিনজিয়াং সামৰিক জিলাৰ কমাণ্ডাৰ মেজৰ জেনেৰেল য়াং লিনে।

উল্লেখ্য যে ২০২০ চনৰ জুন মাহত গালৱান উপত্যকাত হোৱা এক হিংসাত্মক সংঘৰ্ষৰ ফলত ২০ জন ভাৰতীয় সৈন্য আৰু কমেও চাৰিজন চীনা সৈন্যৰ মৃত্যু হৈছিল।

You might also like
Leave A Reply

Your email address will not be published.