ভাৰতৰ ২০২২ বেইজিং শীতকালীন অলিম্পিক পৰিহাৰ !

ভাৰতৰ ২০২২ বেইজিং শীতকালীন অলিম্পিক পৰিহাৰ। ১৭ দিনীয়া ২০২২ বেইজিং শীতকালীন অলিম্পিকৰ উদ্বোধনী বা সামৰণি অনুষ্ঠানত ভাৰতে উপস্থিত নথকাৰ সিদ্ধান্ত ঘোষণা কৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। ২০২০ চনৰ ১৫ জুনত গালৱান উপত্যকাত ভাৰতৰ সৈতে হোৱা সংঘৰ্ষত জড়িত পিপলছ লিবাৰেচন আৰ্মী (পিএলএ)ৰ কমাণ্ডাৰক চীনে বেইজিঙত শীতকালীন অলিম্পিক শিখা কঢ়িয়াবলৈ বাছনি কৰাৰ পিছত এই সিদ্ধান্ত লয় ভাৰত চৰকাৰে। চীনে অলিম্পিকত ৰাজনীতি কৰিবলৈ বাছি লোৱাটো দুখজনক বুলি অভিযোগ কৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে।

You might also like
Leave A Reply

Your email address will not be published.