নেচনেল ডেস্ক:
ভাৰত আৰু চীনা সেনাৰ ডিভিজন কমাণ্ডাৰ পৰ্যায়ৰ বৈঠক। বুধবাৰে ভাৰত আৰু চীনা সেনাই ডিভিজন কমাণ্ডাৰ পৰ্যায়ৰ বৈঠকত লাডাখ খণ্ডত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত শান্তি বজাই ৰখাৰ সন্দৰ্ভত আলোচনা কৰে। লাডাখ খণ্ডত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষত শান্তি বজাই ৰখা তথা সীমান্ত ব্যৱস্থাপনা বিষয়ৰ সৈতে জড়িত নিয়মীয়া বিষয়সমূহৰ ওপৰত এই বৈঠকত আলোচনা অনুষ্ঠিত কৰা হৈছিল।
উল্লেখ্য যে চীনৰ পি এল এই নিজৰ সামৰিক আন্তঃগাঁথনি আৰু সংযোগ অধিক উন্নীত কৰাৰ বাবে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ কাষে কাষে নিৰ্মাণ প্ৰক্ৰিয়া অব্যাহত ৰখাৰ সময়তে দুই দেশৰ সেনাৰ ডিভিজন কমাণ্ডাৰ পৰ্যায়ৰ বৈঠকে এক বিশেষ গুৰুত্ব বহন কৰিছে।।