ভূইকঁপত কপিল মেক্সিকো

মেক্সিকোত ভূমিকম্পৰ তীব্ৰ জোকাৰণি। মঙলবাৰে নিশা আকাপুলকোৰ ৰিজৰ্টৰ ওচৰত দক্ষিণ মেক্সিকোত অনুভূত হয় এক শক্তিশালী ভূমিকম্প । ভূমিকম্পৰ ফলত প্ৰায় ২০০ মাইল দূৰত মেক্সিকো চিটিৰ অট্টালিকাবোৰত তীব্ৰ জোকাৰণিৰ সৃষ্টি হয়।আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপে জনোৱা মতে ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৭.০ । ই ৰিজৰ্ট চহৰৰ পৰা প্ৰায় ৪৮ কিলোমিটাৰ দূৰৰ আভ্যন্তৰীণ স্থানত গুয়েৰেৰো ৰাজ্যৰ পুৱেব্লো মাডেৰোৰ পৰা ৮ কিলোমিটাৰ পূব-দক্ষিণ-পূবৰ আভ্যন্তৰীণ স্থানত অনুভূত হৈছিল এই ভূমিকম্প।।

You might also like
Leave A Reply

Your email address will not be published.