ভূপেন দালৈ শ্ৰদ্ধাঞ্জলি…প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ভাৰতীয় সংস্কৃতি আৰু সংগীতৰ প্ৰতি অনুৰাগী প্ৰতিগৰাকী ব্যক্তিৰ বাবে এক অতি বিশেষ দিন। বিশেষকৈ, অসমৰ মোৰ ভাই-ভনীসকলৰ বাবে এই দিনটো আৰু অধিক গুৰুত্বপূৰ্ণ। কাৰণ, ভাৰতৰ অন্যতম অসাধাৰণ কণ্ঠ ড°ভূপেন হাজৰিকাৰ আজি জন্ম বাৰ্ষিকী। আপোনালোক সকলোৱে জানে যে চলিত বৰ্ষতে তেওঁৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ শুভাৰম্ভণি হৈছে। এয়া ভাৰতীয় কলাত্মক প্ৰকাশ আৰু জন সচেতনতাৰ প্ৰতি তেওঁৰ অসাধাৰণ অৱদানক স্মৰণ কৰাৰ এক সুযোগ।

ভূপেনদাই আমাক যি দিলে, সেয়া সংগীততকৈ অধিক সূদূৰপ্ৰসাৰী। তেওঁ ৰচনাৰাজিত কেৱল সুৰকে নহয়, আৱেগকো মূৰ্ত কৰি তুলিছিল। কেৱল এক কণ্ঠতকৈ তেওঁ আছিল ৰাইজৰ হৃদস্পন্দন। কেইবাটাও প্ৰজন্ম তেওঁৰ গীত শুনি ডাঙৰ হৈছে, যাৰ গীতৰ প্ৰতিটো শব্দতে মমতা, সামাজিক ন্যায়, ঐক্য আৰু গভীৰ শিপা নিহিত হৈ আছে।

অসমৰ পৰা এনে এক কণ্ঠৰ আবিৰ্ভাৱ হৈছিল, যাৰ কণ্ঠস্বৰ ভৌগোলিক সীমা আৰু সংস্কৃতি অতিক্ৰমী, মানৱতাৰ আত্মাক লগত লৈ কালজয়ী বোৱতী নদীৰ দৰেই বৈ গৈছিল। ভূপেন দাই সমগ্ৰ বিশ্ব ভ্ৰমণ কৰিছিল, সমাজৰ সকলো শ্ৰেণীৰ দিগ্গজক লগ পাইছিল, তথাপি তেওঁ অসমৰ শিপাৰ প্ৰতি গভীৰভাৱে আকৃষ্ট হৈ আছিল। অসমৰ চহকী মৌখিক পৰম্পৰা, লোকগীত আৰু সমূদায়ৰ কাহিনী কোৱাৰ প্ৰথাই তেওঁৰ শৈশৱক গভীৰভাৱে গঢ় দিছিল। এই অভিজ্ঞতাই তেওঁৰ কলাত্মক শব্দভাণ্ডাৰৰ আধাৰ গঢ়ি তুলিছিল। তেওঁ সদায় নিজৰ লগত অসমৰ খিলঞ্জীয়া পৰিচয় আৰু জনসাধাৰণৰ নীতি-নিয়মক কঢ়িয়াই লৈ ফুৰিছিল।

ভূপেন দাৰ প্ৰতিভা অতি কম বয়সতে স্পষ্ট হৈ পৰিছিল। মাত্ৰ পাঁচ বছৰ বয়সতে ৰাজহুৱা অনুষ্ঠানত গীত গাই পলকতে অসমীয়া সাহিত্যৰ ৰূপকাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। কৈশোৰ কালতে তেওঁ প্ৰথমটো গীত বাণীবদ্ধ কৰিছিল। কিন্তু সংগীত তেওঁৰ ব্যক্তিত্বৰ এটা অংশহে আছিল। ভূপেন দা আছিল অন্তৰত এজন বুদ্ধিজীৱী… কৌতুহলী, স্পষ্টবাদী আৰু পৃথিৱীখনক বুজি পোৱাৰ এক অতৃপ্ত হেঁপাহৰ দ্বাৰা পৰিচালিত ব্যক্তি। জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে সাংস্কৃতিক কিংবদন্তিয়ে তেওঁৰ মনত গভীৰ ছাপ পেলোৱাৰ লগতে অনুসন্ধিৎসু মনোভাৱ গাঢ় কৰি তুলিছিল।

শিকাৰ এই আগ্ৰহৰ বাবে তেওঁ কটন কলেজ, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত পাৰদৰ্শিতা দেখুওৱাই নহয়, এই উদ্যমে তেওঁক আমেৰিকালৈ লৈ গৈছিল, য’ত তেওঁ সেই সময়ৰ আগশাৰীৰ শিক্ষাবিদ, চিন্তাবিদ আৰু সংগীতজ্ঞসকলৰ সৈতে মত বিনিময় কৰিছিল। তেওঁ মহান শিল্পী তথা নাগৰিক অধিকাৰৰ নেতা পল ৰবছনক লগ পাইছিল। ৰবছনৰ গীত “অল মেন ৰিভাৰ” ভূপেন দাৰ বহুল সমাদৃত “বিস্তীৰ্ণ পাৰৰে” গীতটিৰ সৃষ্টিত প্ৰেৰণা হৈ পৰিছিল। আমেৰিকাৰ প্ৰাক্তন ফাৰ্ষ্ট লেডী এলিন’ৰ ৰুছভেল্টে ভাৰতীয় লোকসংগীত পৰিবেশনৰ বাবে তেওঁক সোণৰ পদক প্ৰদান কৰিছিল।

ভূপেন দাই আমেৰিকাত থকাৰ সুযোগ পাইছিল যদিও ভাৰতলৈ উভতি আহি সংগীতৰ মাজত নিজকে বিলীন কৰি দিছিল। ৰেডিঅ’ৰ পৰা থিয়েটাৰ, চলচ্চিত্ৰৰ পৰা শিক্ষামূলক তথ্যচিত্ৰলৈকে এই সকলো মাধ্যমতে তেওঁ পাকৈত আছিল। তেওঁ যি ঠাইলৈকে গৈছিল, তাতেই যুৱ প্ৰতিভাক উৎসাহিত কৰাত গুৰুত্ব দিছিল। তেওঁৰ ৰচনাসমূহ গীতিময় হোৱাৰ লগতে তাত সামাজিক বাৰ্তাও আছিল, যিয়ে দুখীয়াৰ ন্যায়, গ্ৰামোন্নয়ন, সাধাৰণ নাগৰিকৰ ক্ষমতা ইত্যাদি বিষয় সামৰি লৈছিল। সংগীতৰ জৰিয়তে তেওঁ নাৱৰীয়া, চাহ বাগিচাৰ শ্ৰমিক, মহিলা, কৃষক আদিৰ আকাংক্ষাক ফুটাই তুলিছিল। পুৰণি স্মৃতি সতেজ কৰাৰ লগতে ভূপেন দাৰ ৰচনাসমূহ আধুনিকতাক চোৱাৰ এক শক্তিশালী মাধ্যম হৈ পৰিছিল। বিশেষকৈ সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ বহু লোকে তেওঁৰ সংগীতৰ পৰা শক্তি লাভ কৰাৰ লগতে আশাৰ ৰেঙণি দেখিছিল।

ভূপেন হাজৰিকাৰ জীৱন যাত্ৰাত ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ মনোভাৱৰ এক শক্তিশালী দিশ পৰিস্ফূট হৈছিল। তেওঁৰ ৰচনাসমূহে ভাষিক আৰু আঞ্চলিক সীমা অতিক্ৰম কৰি সমগ্ৰ দেশৰ মানুহক একত্ৰিত কৰিছিল। তেওঁ অসমীয়া, বাংলা আৰু হিন্দী ভাষাৰ ছবিৰ বাবে সংগীত ৰচনা কৰিছিল। তেওঁ অসমক ভাৰতৰ বাকী অংশৰ বাবে দৃশ্যমান আৰু ইয়াৰ কণ্ঠ শুনিবলৈ যোগ্য কৰি তুলিছিল। ৰাজ্যবাসী আৰু সমগ্ৰ বিশ্বতে সিঁচৰিত হৈ থকা অসমীয়া উভয়ৰে বাবে আধুনিক অসমৰ সাংস্কৃতিক পৰিচয় গঢ় দিয়াত তেওঁ অৰিহণা যোগাইছিল বুলি ক’লেও অত্যুক্তি কৰা নহ’ব।

ভূপেন দা এজন ৰাজনৈতিক ব্যক্তি নাছিল যদিও, জনসেৱাৰ জগতখনৰ সৈতে সংযুক্ত হৈ থাকিল। ১৯৬৭ চনত তেওঁ অসমৰ নাওবৈচা সমষ্টিৰ পৰা নিৰ্দলীয় বিধায়ক হিচাপে নিৰ্বাচিত হোৱাত তেওঁৰ ৰাজহুৱা ব্যক্তিত্ব জনসাধাৰণৰ আস্থাত কিমান গভীৰভাৱে শিপাই আছিল সেয়া স্পষ্ট হৈ পৰিছিল। যদিও তেওঁ কেতিয়াও পেছাদাৰী ৰাজনীতিবিদ নাছিল, তথাপিও আনৰ সেৱাৰ প্ৰতি তেওঁৰ আবেগ অত্যন্ত প্ৰভাৱশালী আছিল।

ভাৰতৰ জনসাধাৰণ আৰু চৰকাৰে বিগত বছৰবোৰত তেওঁৰ অপৰিসীম অৱদানক স্বীকৃতি দি আহিছে। পদ্মশ্ৰী, পদ্মভূষণ, পদ্মবিভূষণ, দাদা চাহেব ফাল্কে বঁটাকে ধৰি কেইবাটাও বঁটাৰে তেওঁক সন্মানিত কৰা হয়। ২০১৯ চনত আমাৰ কাৰ্যকালত তেওঁক ভাৰতৰত্ন সন্মান প্ৰদান কৰাটো মোৰ ব্যক্তিগতভাৱে তথা এনডিএ চৰকাৰৰ বাবেও এক সন্মানৰ কথা আছিল। সমগ্ৰ বিশ্বৰ মানুহে, বিশেষকৈ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে তেওঁক প্ৰদান কৰা এই সন্মানত আনন্দিত হৈছিল। এই সন্মানে ভূপেন দাই হৃদয়ৰ নিভৃত কোণত ৰখা নীতিক উদযাপন কৰিছিল, যিটো হৈছে সংগীতে সত্যৰ ওপৰত ভিত্তি কৰি সকলো বাধা অতিক্ৰম কৰিব পাৰে। কিয়নো এটা গীতে এটা জনগোষ্ঠীৰ সপোনৰ ওজন বহন কৰিব পাৰে আৰু সমগ্ৰ বিশ্বৰে হৃদয় স্পৰ্শ কৰিব পাৰে।

২০১১ চনত ভূপেন দাৰ মৃত্যুৰ সময়ৰ স্মৃতি মোৰ মনত আছে। টেলিভিছনত দেখিছিলো তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত কেনেদৰে লাখ লাখ জনতাই অংশ লৈছিল। সেই সময়ত প্ৰতিগৰাকী ব্যক্তিৰ চকু সেমেকি উঠিছিল। মৃত্যুৰ সময়তো তেওঁৰ বৰ্ণিল জীৱনৰ দৰেই সমগ্ৰ জনতাক একত্ৰিত কৰিছিল। ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ জালুকবাৰীৰ পাহাৰৰ দাঁতিত তেওঁক সৎকাৰ কৰাটো উপযুক্ত স্থান হিচাপে বিবেচিত হৈছে, কিয়নো এই নদীখন তেওঁৰ সংগীত, উপমা আৰু স্মৃতিৰ জীৱনৰেখা আছিল। যুৱক-যুৱতীসকলৰ মাজত তেওঁৰ জীৱন যাত্ৰাক জনপ্ৰিয় কৰি তোলাৰ বাবে কাম কৰা ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ কাম-কাজত অসম চৰকাৰে সহযোগিতা আগবঢ়োৱাটো আনন্দৰ কথা।

ভূপেন হাজৰিকাৰ জীৱনে আমাক সহানুভূতিৰ শক্তি, জনতাৰ কণ্ঠ শুনাৰ শক্তি আৰু আমাক আমাৰ শিপাৰ লগত সংযুক্ত হৈ থকাৰ শক্তিৰ বিষয়ে শিকাইছে। তেওঁৰ গীতবোৰ আজিও শিশুৰ পৰা বৃদ্ধলৈ সকলোৱেই গাই আহিছে। তেওঁৰ সংগীতে আমাক দয়ালু আৰু সাহসী হ’বলৈ শিকাইছে। এই গীতবোৰে আমাক আমাৰ নদী, আমাৰ শ্ৰমিক, আমাৰ চাহ বাগিচা, আমাৰ নাৰী শক্তি আৰু আমাৰ যুৱ শক্তিক স্মৰণ কৰিবলৈ অনুপ্ৰাণিত কৰে। এই গীতবোৰে আমাক বৈচিত্ৰ্যতাৰ মাজত ঐক্যত বিশ্বাস কৰিবলৈ উৎসাহিত কৰে।

ভূপেন হাজৰিকাক লৈ ধন্য ভাৰত। আহক, তেওঁৰ জন্ম শতবৰ্ষ আৰম্ভ হোৱাৰ এই শুভক্ষণত তেওঁৰ বাৰ্তা দূৰ-দূৰণিলৈ প্ৰচাৰ-প্ৰসাৰৰ সংকল্প পুনৰ দৃঢ় কৰোঁ। এই সংকল্পই লগতে আমাক সংগীত, শিল্প আৰু সংস্কৃতিৰ প্ৰসাৰৰ বাবে যুৱ প্ৰতিভাক উৎসাহিত কৰাৰ লগতে ভাৰতক সৃষ্টিশীলতা আৰু শিল্পকলাৰ উৎকৰ্ষতাৰ আখৰা থলী হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈও অনুপ্ৰাণিত কৰিব বুলি আশা কৰিলোঁ।

ভাৰতৰ অন্যতম উল্লেখযোগ্য আন্তঃগাঁথনি প্ৰকল্প ধলা- শদিয়া সংযোগী দলংখনে ভূপেন হাজৰিকাৰ নাম বহন কৰাটো অতি উপযুক্ত হৈছে। তেওঁৰ গীতসমূহে যিদৰে অঞ্চলসমূহৰ হৃদয়ক সংযোগ কৰে, এই দলংখনে ভূমি আৰু মানুহক সংযোগ কৰে।

You might also like
Leave A Reply

Your email address will not be published.