ভেকচিনৰ বাবে হেল্পলাইন নম্বৰ মুকলি

ৰাজ্যত ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে যদিও সংক্ৰমণ কমা নাই গুৱাহাটী মহানগৰীত। আজি এক সংবাদমেলত এই উদ্বেগ প্ৰকাশ কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে,গুৱাহাটীত ১০০% কোভিড টিকাকৰণৰ লক্ষ্য স্থিৰ কৰিছে ৰাজ্য চৰকাৰে। ৩১ আগষ্টৰ ভিতৰত গুৱাহাটীৰ প্ৰতিজন লোকেই ল’ব লাগিব ক’ভিড ভেকচিন। ঘৰে ঘৰে যাব প্ৰশাসনৰ লোক। প্ৰতিখন দোকান, শ্বপিং মলৰ কৰ্মচাৰীৰ ভেকচিনেশ্যন বাধ্যতামূলক। দোকান, মলৰ সন্মুখত আঁৰিব লাগিব VACCINATED ফলক।

তদুপৰি ভেকচিন নোলোৱা লোক সকলৰ বাবে স্বাস্থ্য বিভাগে মুকলি কৰিছে এটা হেল্পলাইন নম্বৰ। 89291-03776 নম্বৰত মিছড কল দিলেই ক’ত ভেকচিন পাব জনাব স্বাস্থ্য বিভাগে।ঘৰৰ ওচৰৰ ভোটগ্ৰহণ কেন্দ্ৰ সমুহতে ব্যৱস্থা কৰা হ’ব টীকাকৰণৰ। ভেকচিন নোলোৱা লোক সকলৰ তথ্য আহৰণ কৰা হ’ব ভোটগ্ৰহণ কেন্দ্ৰ সমুহৰ পৰা।ঘৰে ঘৰে আশাকৰ্মী, ভোটকেন্দ্ৰৰ কৰ্মী গৈ সংগ্ৰহ কৰিব তথ্য। ২৫ আগষ্টৰ পৰা ৩১ আগষ্টৰ ভিতৰত মহানগৰীত ১০০% টীকাকৰণ সম্পূৰ্ণ কৰাৰ লক্ষ্য ৰাজ্য চৰকাৰৰ।।

You might also like
Leave A Reply

Your email address will not be published.