ভেক্সিন প্ৰদানৰ জয়গান গাবলৈ সাজু ভাৰত

দেশত টিকাকৰণ অভিযান আৰম্ভ হোৱাৰ ৯ মাহ পিছত বৃহস্পতিবাৰে ভাৰতে ১ বিলিয়ন ক’ভিড ভেক্সিনৰ পালি সম্পূৰ্ণ কৰিবলৈ সাজু হৈছে। প্ৰাপ্ত খৱৰ মতে, বুধবাৰে প্ৰায় ৯৯.৪ কোটি ক’ভিড ভেক্সিনৰ পালি প্ৰদান কৰা হৈছে । ইফালে চৰকাৰেও এই বৃহৎ সাফল্যৰ বাবে উৎসৱৰ পৰিকল্পনা কৰিছে।

জানিব পৰা মতে, কেন্দ্ৰীয় চৰকাৰে ৰেল, বিমান আৰু জাহাজত লাউড স্পীকাৰৰ জৰিয়তে উক্ত সাফল্য ঘোষণা কৰাৰ পৰিকল্পনা কৰাৰ লগতে বিলিয়নতম ভেক্সিনৰ শ্বট চিহ্নিত কৰিবলৈ দিল্লীৰ লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ পৰিকল্পনা কৰিছে ।

উল্লেখ্য যে, এতিয়ালৈকে কেৱল চীনে এক বিলিয়নতকৈ অধিক ভেক্সিন পালি প্ৰদান কৰিবলৈ সক্ষম হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.