ভয়ংকৰ বিস্ফোৰণত কঁপিল পাকিস্তান

ভয়ংকৰ বিস্ফোৰণে কঁপালে পাকিস্তানৰ কোৱেটা। প্ৰাপ্ত খৱৰ মতে, আজি কোৱেটাৰ নৱা কিলি অঞ্চলত সংঘটিত বিস্ফোৰণত এজন আৰক্ষী বিষয়াসহ কমেও সাতজন লোক আহত হয়। আহত সকলৰ ভিতৰত মহিলাও আছে বুলি অসামৰিক চিকিৎসালয়ৰ মুখপাত্ৰজনে জনায়।

বিস্ফোৰণৰ পিছত সুৰক্ষা বাহিনী আৰু উদ্ধাৰকাৰী দল অঞ্চলটোলৈ গৈ আহত সকলক চিকিৎসাৰ ব্যৱস্থা কৰে। ইতিমধ্যে সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি তীব্ৰ অভিযান আৰম্ভ কৰা হৈছে।

আৰক্ষী সূত্ৰই জনোৱা মতে প্ৰায় ৪ কিলোগ্ৰাম ওজনৰ বিস্ফোৰকটো মটৰ চাইকেলত সংলগ্ন কৰা হৈছিল। ৰিম’ট কণ্ট্ৰোলৰ জৰিয়তে বোমাটো বিস্ফোৰণ ঘটোৱা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.