ভয়ংকৰ বিস্ফোৰণে কঁপায় তুলিলে কাবুল!

ইণ্টাৰনেচনেল ডেস্ক:

পুনৰ এক ভয়ংকৰ বিস্ফোৰণে কঁপায় তুলিলে আফগানিস্তানৰ ৰাজধানী চহৰ কাবুল। কাবুলৰ এটা মছজিদত সংঘটিত হোৱা বিস্ফোৰণৰ ফলত ৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় কমেও ২৫ জন লোক। খৱৰটো সদৰি কৰে অভ্যন্তৰীণ মন্ত্ৰালয়ৰ মুখপাত্ৰ আব্দুল নাফি তাকোৰে। জানিব পৰা মতে, মছজিদটো দৰ্শনাৰ্থীয়ে ব্যৱহাৰ কৰাৰ উপৰিও আভ্যন্তৰীণ মন্ত্ৰালয়ৰ কৰ্মচাৰীয়েও ব্যৱহাৰ কৰিছিল। বিস্ফোৰণৰ কাৰণ তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই যদিও বিস্ফোৰণৰ আঁৰত এজন আত্মঘাতী বোমাৰু জড়িত থকাৰ সন্দেহ। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মন্ত্ৰালয়ৰ মছজিদটোত জামাত নামাজ চলি থকাৰ সময়তে সংঘটিত হয় এই বিস্ফোৰণ।

উল্লেখ্য যে, যোৱা শুকুৰবাৰে আফগানিস্তানৰ কাবুলত সংঘটিত হোৱা আন এক বোমা বিস্ফোৰণত কমেও ৫৩ গৰাকী মহিলা নিহত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.