Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
মংগলদৈত আজিৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ বাৰ্ষিক যোজনা বৈঠক
মংগলদৈত আজিৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ বাৰ্ষিক যোজনা বৈঠক
Related Posts
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ বাৰ্ষিক যোজনা বৈঠক আজিৰ পৰা ৮ জুনলৈ দৰং জিলাৰ মংগলদৈৰ সমীপৰ ন-হাউলি (পুনিয়া) আউলাচৌকাস্থিত গুৰুকুল গ্ৰুপ অফ এডুকেচনেল উইঙত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে। প্ৰতি বছৰে অনুষ্ঠিত হৈ অহা এই বৈঠক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ বাৰ্ষিক যোজনাৰ এক নিয়মীয়া বৈঠক বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে এখন প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে ৷ বৈঠকত পূৰ্বৰ বৰ্ষৰ সংঘ কাৰ্যৰ খতিয়ান লোৱাৰ উপৰি আগন্তুক বৰ্ষৰ বাবে যোজনা কার্যসূচী উপস্থাপন কৰা হ’ব ৷ লগতে উপৰোক্ত বিষয় সমূহৰ ওপৰত পৰ্যালোচনা আলোচনাৰ লগতে বিশেষ বিশেষ কামৰ বাবেও যোজনা কৰা হ’ব। উল্লেখ্য, আগন্তুক বিজয়া দশমী(দশেৰা) ২০২৫ বৰ্ষত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাৰ এশ বছৰ সম্পূৰ্ণ হব ৷ এই ক্ষেত্ৰত আগন্তুক বিজয়াদশমী (দশেৰা) অৰ্থাৎ ২ অক্টোবৰ,২০২৫ বৰ্ষৰ পৰা ২০২৬ বৰ্ষৰ বিজয়া দশমীলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী বৰ্ষ হিচাপে গণ্য কৰা হ’ব। এই বৈঠকত শতবাৰ্ষিকী বৰ্ষৰ কামৰ পৰিসৰ পৰ্যালোচনা কৰাৰ লগতে আগন্তুক শতবাৰ্ষিকী বৰ্ষৰ বাবে বিভিন্ন কাৰ্যসূচী, অনুষ্ঠান আৰু প্ৰচাৰৰ পৰিকল্পনা কৰা হ’ব। একে সময়তে, সংঘৰ শাখাসমূহৰ দ্বাৰা প্ৰয়োজনীয় সামাজিক পৰিৱৰ্তনৰ কামকে ধৰি বিশেষকৈ পঞ্চ পৰিৱৰ্তনৰ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰা হ ‘ব বুলিও বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে ৷
এই বৈঠকত প্ৰধানকৈ অসম ক্ষেত্ৰ, উত্তৰ অসম প্ৰান্তৰ কাৰ্যকৰ্তাৰ লগতে জিলা পৰ্যায়ৰ কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰিব। তদুপৰি, বৈঠকত প্ৰান্তৰ বিবিধ সংগঠনৰ সংগঠন মন্ত্ৰী সকলৰ উপৰি কিছু সংখ্যক নিৰ্বাচিত কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰিব বুলি প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে একেটা বিবৃতিত জানিবলৈ দিছে ৷
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
You might also like