মণিপুৰত অগ্নিগৰ্ভা পৰিস্থিতি! ৪ জিলাত কাৰ্ফিউ,৫ দিনলৈ বন্ধ ইন্টাৰনেট

নেচনেল ডেস্ক:

নিয়ন্ত্ৰিত অৱস্থাত মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতি। ৩ মে’ত জনজাতীয় আন্দোলনৰ সময়ত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিৰ বাবে মণিপুৰৰ বিশেষকৈ চুৰাচান্দপুৰ, ইম্ফল, কেপিআইৰ অঞ্চলত মোতায়েন কৰা হৈছে সেনা বাহিনী। বৃহস্পতিবাৰে পুৱা হিংসাত্মক পৰিস্থিতিৰ বাবে মণিপুৰত সেনাই ফ্লেগ মাৰ্চ কৰিব লগা হয়। ইতিমধ্যে মণিপুৰৰ ৪খন জিলাত কাৰ্ফিউ জাৰি কৰাৰ লগতে ৰাজ্যজুৰি ৫ দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে মোবাইল ইণ্টাৰনেট সেৱা।

মণিপুৰ চৰকাৰে অজনজাতীয় আৰু প্ৰভাৱশালী মেইটেইসকলক জনজাতীয় মৰ্যাদা দিয়াৰ প্ৰচেষ্টাক লৈ জনজাতীয় আৰু অজনজাতীয় লোকৰ মাজত সৃষ্টি হৈছে এই হিংসাত্মক পৰিস্থিতিৰ। অজনজাতীয় মেইটেইসকলৰ অনুসূচিত জনজাতিৰ দাবী উত্থাপনৰ প্ৰতিবাদত চুৰাচান্দপুৰ জিলাৰ টৰবুং অঞ্চলত সদৌ জনজাতি ছাত্ৰ সন্থা মণিপুৰে আহ্বান জনোৱা ‘জনজাতি সংহতি মাৰ্চ’ৰ সময়ত সৃষ্টি হয় হিংসাত্মক পৰিস্থিতিৰ। বাতৰি যুগুত কৰা পৰলৈকে হিংসাত্মক অঞ্চলৰ পৰা সেনা বাহিনীয়ে ৪ হাজাৰ লোকক উদ্ধাৰ কৰি আশ্ৰয় প্ৰদান কৰিছে বুলি প্ৰতিৰক্ষা মুখপাত্ৰ লে কৰ্ণেল মহিন্দ্ৰ ৰাৱাটে জানিবলৈ দিয়ে।

You might also like
Leave A Reply

Your email address will not be published.