মন্দিৰৰ পৰা অন্তৰ্ধান প্ৰধানমন্ত্ৰী মোডী!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাম-কাজত উদ্বুদ্ধ হৈ পুনেৰ ময়ুৰ মুণ্ডে নামৰ এগৰাকী সক্ৰিয় বিজেপি কৰ্মী তথা বিল্ডাৰে স্থাপন কৰিছিল এটা মন্দিৰ। পুনেৰ আউন্ধ অঞ্চলত ৬ মাহ ধৰি ১.৫ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা মাৰ্বল পাত্থৰৰ মন্দিৰটোৰ ভগৱানৰ আসনত বহুওৱা হৈছিল খোদ প্ৰধানমন্ত্ৰী মোডীক।কিন্তু স্বাধীনতা দিৱসৰ দিনা উদ্বোধন কৰা মন্দিৰটোৰ মুকলিৰ ৭২ ঘন্টাও নৌহওঁতেই অন্তৰ্ধান হ’ল মোডীৰ মূৰ্তি। কোনে কেতিয়া মূৰ্তিটো নিলে কোনেও তলকিবই নোৱাৰিলে।আনকি এই সন্দৰ্ভত উৎস্যুক সাংবাদিকক জনাবলৈও ঘটনাৰ দিন ধৰি হেনো মোবাইলৰ চুইছ অফ মন্দিৰৰ নিৰ্মাণকাৰি বিজেপি নেতা ময়ুৰ মুণ্ডৰ। সম্প্ৰতি খোদ ভগৱানেই অন্তৰ্ধান হোৱাৰ পাছত এখন প্লাষ্টিকেৰে মেৰিয়াই থোৱা হৈছে মোডীৰ মন্দিৰটো।।

You might also like
Leave A Reply

Your email address will not be published.