ম’ষ্ট ৱান্টেড বাথাৰ দাম ঘোষণা NIAৰ

নিউজ ডেস্ক-

নবগঠিত বড়ো উগ্ৰপন্থী সংগঠন NLFBৰ অধ্যক্ষ এম বাথাক Most Wanted ঘোষণা কৰিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা NIAই। বাথাৰ সন্ধান দিওঁতালৈ ১০ লাখ টকা পুৰস্কাৰ ঘোষণা কৰাৰ লগতে সন্ধান দিওঁতাৰ নাম গোপনে ৰখাৰো আশ্বাস দিছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে।

উল্লেখযোগ্য যে NDFBৰ প্ৰাক্তন দুৰ্ধৰ্ষ কেডাৰ বাথাই ২০২০ চনত সহস্ৰাধিক সতীৰ্থৰ লগত অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পণ কৰিছিল যদিও বড়োলেণ্ডত নতুন পৰিষদ গঠনৰ পাছতে নেচনেল লিবাৰেচন ফ্ৰণ্ট অৱ বড়োলেণ্ড (NLFB)নামেৰে নিজৰ নেতৃত্বত পুনৰ এক সশস্ত্ৰ সংগঠন জন্ম দি উগ্ৰপন্থী কাৰ্যকলাপ অব্যাহত ৰাখিছে।।

You might also like
Leave A Reply

Your email address will not be published.