মহাকাশত ইতিহাস!

এলন মাস্কৰ এৰোস্পেচ কোম্পানী স্পেচএক্সে ৰচিলে ইতিহাস। এলন মাস্কৰ দ্বাৰা প্ৰতিষ্ঠা কৰা আমেৰিকান এৰোস্পেচ কোম্পানী স্পেচএক্সে বুধবাৰে নিশা বিশ্বৰ প্ৰথম সৰ্ব-অসামৰিক কৰ্মচাৰীৰ সৈতে মহাকাশলৈ ইনস্পিৰেচন ৪ অভিযান আৰম্ভ কৰি সৃষ্টি কৰে ইতিহাস।

চাৰিজন অপেছাদাৰী মহাকাশচাৰীয়ে পৃথিৱীৰ পৃষ্ঠৰ পৰা ৩৫৭ মাইল (৫৭৫ কিলোমিটাৰ) উচ্চতালৈ যাত্ৰা কৰে , যি আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আইএছএছ)তকৈ মহাকাশৰ বহুত অধিক আৰু গভীৰলৈ যাত্ৰা কৰে। এই ব্যক্তিগত উৰণ তিনি দিনৰ বাবে মহাকাশত পৃথিৱীৰ চাৰিওফালে পৰিভ্ৰমণ কৰি থাকিব। এই মহাকাশ যাত্ৰাই সমগ্ৰ বিশ্বতে যথেষ্ট আগ্ৰহ সৃষ্টি কৰিছে কিয়নো ই কেৱল চৰকাৰৰ পৃষ্ঠপোষকতাত মহাকাশচাৰীসকলৰ সলনি সাধাৰণ লোকৰ বাবে মানৱ মহাকাশযাত্ৰাৰ এক নতুন যুগ প্ৰশস্ত কৰিব বুলি আশা কৰা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.