মহাজোঁটত আজমলৰে মধুচন্দ্ৰিকাৰ অৱসান কংগ্ৰেছৰ

অৱশেষত কংগ্ৰেছৰ সৈতে মধুচন্দ্ৰিকাৰ অৱসান ঘটিল আজমল বাহিনীৰ। আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সভাপতিত্বত অনুষ্ঠিত কংগ্ৰেছৰ ক’ৰ কমিটিৰ বৈঠকত মহাজোঁটৰ পৰা AIUDF দলক অব্যাহতিৰ সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয়।বিজেপিৰ সৈতে AIUDFৰ মিত্ৰতাৰ অভিযোগ তুলি তথা দলটোৰ ভবানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে গেৰুৱা দলত যোগদানৰ আনুষ্ঠানিক ঘোষণা কৰাৰ এদিন পাছতেই কংগ্ৰেছৰ এই সিদ্ধান্তই বিশেষ চৰ্চা লাভ কৰিছে।AIUDFৰ শেহতীয়া কাৰ্যকলাপত ক্ষুন্ন হৈ দলটোক মহাজোঁটৰ পৰা অব্যাহতিৰ বাবে লোৱা আজিৰ প্ৰস্তাৱ হাইকামাণ্ডলৈ প্ৰেৰণৰ কথা সদৰি কৰিছে প্ৰদেশ কংগ্ৰেছ নেতৃত্বই।।

You might also like
Leave A Reply

Your email address will not be published.