মহানগৰীত বৃহৎ পৰিমাণৰ কাঠ জব্দ

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত-

মহানগৰীৰ বেহাৰবাৰীত ৰাষ্ট্ৰীয় ঘাইপথত জব্দ বৃহৎ পৰিমাণৰ কাঠ। আজি পুৱা বন বিভাগৰ এটা দলে দুখন ট্ৰাকৰ পৰা জব্দ কৰে কাঠখিনি। অসম-মেঘালয় সীমান্ত অঞ্চলৰ পৰা কাঠ সৰবৰাহ কৰা AS01-CC-2097 আৰুAS25-AC-3400 নম্বৰৰ ট্ৰাক দুখন বন বিভাগে জব্দ কৰাৰ লগতে ৪ জন লোকক আটক কৰা বুলি জানিব পৰা গৈছে। প্ৰায় লক্ষাধিক টকা মূল্যৰ কাঠ খিনিৰ বিপৰীতে সৰবৰাহকাৰীয়ে কোনো প্ৰয়োজনীয় নথিপত্ৰ বন কতৃপক্ষক দেখুওৱাবলৈ সক্ষম হোৱা নাছিল।

You might also like
Leave A Reply

Your email address will not be published.