মহানগৰীৰ অপহৃত ব্যৱসায়ীক জাগীৰোডত উদ্ধাৰ

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

মহানগৰীৰ মালিগাৱঁৰ কালীবাৰী ৰে’লৱে কলনীৰ পৰা ২৩ জুনত অপহৰণ কৰা ব্যৱসায়ী অজিত দাসক জাগীৰোডৰ দুৰ্গম পাহাৰীয়া অঞ্চলৰ পৰা উদ্ধাৰ। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৪ জন লোকক আটক কৰিছে। আটকাধীন সকলৰ ভিতৰত আছে অসমৰ আৰক্ষীৰ এজন কনিষ্টবল, এজন হোমগাৰ্ড,বেটেলিয়ানৰ এজন হাবিলদাৰ আৰু এজন ফাৰ্মাচীষ্ট।

অপহৰণকাৰীৰ দলটোৱে ব্যৱসায়ীজনৰ পৰিয়ালৰ পৰা ২০ লাখ টকা মুক্তিপণ দাবী কৰিছিল। অধিক তথ্যৰ বাবে ধৃত লোক কেইজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।।

You might also like
Leave A Reply

Your email address will not be published.