মহাপুৰুষ দুজনাৰ সাহিত্যৰাজীক কিমানটা বিদেশী ভাষালৈ অনুবাদ কৰা হৈছে চৰকাৰী পৃষ্ঠপোষকতাত : বিদ্যুৎ শইকীয়া

মহাপুৰুষ দুজনাৰ সাহিত্যৰাজীক কিমানটা বিদেশী ভাষালৈ অনুবাদ কৰা হৈছে চৰকাৰী পৃষ্ঠপোষকতাত : বিদ্যুৎ শইকীয়া

আমেৰিকাৰ ৰেপাৰ পোষ্ট মেলনৰ কনচাৰ্ট ৮ ডিচেম্বৰত যোৰহাট, ডিব্ৰুগড়, গুৱাহাটীত চৰকাৰী উদ্যোগত অনুষ্ঠিত হব বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই কয় যে, আমেৰিকান ৰেপাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠান তাকো চৰকাৰী উদ্যোগত, আমি আদৰণি জনাইছো । যিহেতু সংস্কৃতি দিয়া আৰু লোৱাৰ সমন্বয়ৰ এক পৌৰাণিক প্ৰচেষ্টা । কিন্ত্ত কথা হল বিগত সময়খিনিলৈ লক্ষ্য কৰিলে এটা কথা স্পষ্ট যে আমি দিয়াত পিছপৰি আছো আৰু লোৱাত সকলোতকৈ প্ৰথম । আমাৰ জাতিৰ অন্যতম ধ্বজাবাহক শংকৰদেৱ,মাধৱদেৱ, বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা,ভূপেন হাজৰীকা আদিৰ যুগময়ী সৃষ্টিৰাজীক বিশ্বৰ দৰবাৰলৈ নিবলৈ, বিশ্বৰ সমুখত চিনাকী কৰি দিবলৈ চৰকাৰী উদ্যোগত কিমান প্ৰচেষ্টা হাতত তুলিছো । সাহিত্যৰ লাইখুঁটা প্ৰতিষ্ঠাপক শংকৰদেৱ, লক্ষ্মীনাথ বেজবৰুৱা, ভৱন্দ্ৰনাথ শইকীয়া আদিৰ দৰে স্বনামধন্যসকলৰ সৃষ্টিক কিমানটা বিদেশী ভাষালৈ অনুবাদ কৰা হল চৰকাৰী উদ্যোগত । যি ধৰণেৰে বিদেশী ৰেপাৰ পোষ্ট মেলনৰ সংগীতানুষ্ঠানক চৰকাৰী পৃষ্ঠপোষকতাত অনুষ্ঠিত কৰিবলৈ বৃহৎ উদ্যোগ হাতত লোৱা হৈছে, ঠিক তেনেদৰে চৰকাৰে যদি চৰকাৰী পৃষ্ঠপোষকতাত অসমৰ সাহিত্য, সংস্কৃতিক এই ধৰণেৰে আগুৱাই লৈ যোৱাৰ পোষকতা কৰিলহেঁতেন তেনেহলে নিশ্চয় আমাৰ ‘অসমীয়া’ ৰ মেটমৰা সম্ভাৰ বিশ্ববাসীৰ সমুখত পৰিচিত হলহেঁতেন । আজিৰ সময়খিনিৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হল হীৰেন ভট্টাচাৰ্য্য ,নৱকান্ত বৰুৱা আদিৰ ক্লাচিক কবিতাসমূহৰ কিমান অংশ বিদেশী ভাষালৈ অনুবাদ কৰা হল । বিশ্ববিশ্ৰুত ভূপেন হাজৰীকাৰ গৱেষণাপত্ৰখন অসমীয়ালৈ অনুবাদ কৰা হলনে । লোকসংগীতৰ ক্ষেত্ৰখনত বিশ্বৰ ভিতৰতে ‘ভেৰাইটিজ’ এৰে ভৰপূৰ অসমৰ লোকসংগীতসমূহৰ কিমানটা কনচাৰ্ট বিদেশৰ বুকুত অনুষ্ঠিত কৰা হল । অসমীয়াৰ ভঁৰাল চহকী কৰি ৰখা এই ঐতিহ্যসমূহ প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত চৰকাৰে কিধৰণৰ ভূমিকা গ্ৰহণ কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে বিদ্যুৎ শইকীয়াই ।

You might also like
Leave A Reply

Your email address will not be published.