মহাৰাষ্ট্ৰৰ আকোলাৰ বাবুজী মহাৰাজ মন্দিৰত অঘটন!

গছ পৰি যোৱাৰ ফলত কমেও ৭ গৰাকী লোক নিহত হোৱাৰ বিপৰীতে আহত ২৬ গৰাকী লোক

নেচনেল ডেস্ক:

হাৰাষ্ট্ৰৰ আকোলাৰ বাবুজী মহাৰাজ মন্দিৰত অঘটন। ভক্তৰ ওপৰত গছ পৰি যোৱাৰ ফলত কমেও ৭ গৰাকী লোক নিহত হোৱাৰ বিপৰীতে আহত হয় ২৬ গৰাকীৰো অধিক লোক।ঘটনাটো সংঘটিত হয় দেওবাৰে সন্ধিয়া। জানিব পৰা মতে, সন্ধিয়া আৰতিৰ বাবে পাৰস গাঁৱৰ বাবুজী মহাৰাজ মন্দিৰত বৃহৎ সংখ্যক লোক সমবেত হোৱাৰ সময়তে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা ।

প্ৰাপ্ত খবৰ অনুসৰি, ধাৰাসাৰ বৰষুণৰ পৰা পৰিত্ৰাণৰ বাবে দৰ্শনাৰ্থীসকলে এখন টিনৰ ছালিৰ তলত সমবেত হৈছিল। বৰষুণৰ লগতে অহা প্ৰচণ্ড বতাহৰ ফলত এজোপা প্ৰকাণ্ড গছ উভালি টিনৰ ছালিৰ ওপৰত পৰাত সংঘটিত হয় এই দুৰ্ঘটনা। প্ৰায় ৫০ গৰাকী লোক ভাঙি পৰা টিনৰ ছালিৰ তলত আবদ্ধ থকা বুলি জানিব পৰা গৈছে।

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাদনভিছে এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মৃতকৰ পৰিয়াললৈ ৪ লাখকৈ টকা আৰ্থিক সাহায্য ঘোষণা কৰে। আনহাতে, দুৰ্ঘটনাত আহতসকলৰ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা গ্ৰহণৰ বাবে স্থানীয় প্ৰশাসনক নিৰ্দেশ উপ-মুখ্যমন্ত্ৰী গৰাকীৰ।।

You might also like
Leave A Reply

Your email address will not be published.