মহৎ কামৰ বাবে পুৰস্কৃত গৃহৰক্ষী

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

দুৰ্নীতি-ভ্ৰষ্টাচাৰত নিমজ্জিত একাংশ আৰক্ষীৰ সমুখত আদৰ্শ ৰচনা কৰা গৃহৰক্ষী বীৰছিং বে’ক নিজ হাতে সন্মানিত কৰিলে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰ জ্যোতি মহন্তই। ড্ৰাগছ সৰবৰাহকাৰীৰ উৎকোচ নাকচ কৰি বৃহৎ পৰিমাণৰ ড্ৰাগছ ধৰাত মূল ভূমিকা গ্ৰহণ কৰা কাৰ্বি আংলঙৰ ডিলাই থানাৰ গৃহৰক্ষী বীৰছিং বে’ক আজি গুৱাহাটীলৈ মাতি আনি সামাজিক দায়বদ্ধতাৰ বাবে পুৰস্কৃত কৰিলে DGP ভাস্কৰ জ্যোতি মহন্তই।

You might also like
Leave A Reply

Your email address will not be published.