মাইক্ৰছফটৰ ভুল আঙুলিয়াই ২২ লাখ টকা পালে ভাৰতীয় যুৱতীয়ে

এগৰাকী ২০ বছৰীয়া যুৱতীয়ে চমক দিলে Microsoft ক। Microsoft ৰ ক্লাউড চিষ্টেমৰ এটা ভুল ধৰি দিল্লীৰ অদিতি সিঙ নামৰ ২০ বছৰীয়া যুৱতী গৰাকীয়ে ২২ লাখ টকা লাভ কৰিবলৈ সক্ষম হয়। ২০ বছৰীয়া যুৱতী গৰাকী এগৰাকী এথিকেল হেকাৰ। মাত্ৰ কেইটামান মাহ পূৰ্বে ফেচবুকৰ কিছু সমস্যা প্ৰথম চিনাক্ত কৰাৰ বাবে অদিতিয়ে লাভ কৰিছিল প্ৰায় ৫.৫০লাখ টকা। কিছুমাহৰ পূৰ্বে অদিতিয়ে Microsoft ৰ নতুন ক্লাউডৰ এক ভুল চিনাক্ত কৰি প্ৰতিস্থানটোক অৱগত কৰাইছিল আৰু অদিতিৰ দ্বাৰা চিনাক্ত সেই ক্ৰুটি প্ৰতিষ্ঠানৰ দ্বাৰা পুনৰ নিৰীক্ষন কৰা হয় যদিও সেই ক্ৰুটি ঠিক কৰা ন’হল, কিয়নো Microsoft প্ৰতিষ্ঠানটোৱে তেওঁলোকৰ সেই নতুন সংযোজনৰ অসুৰক্ষিত সংস্কৰণ কোনোলোকে ডাউনলড কৰিছে নেকি সেই বিষয়ে জানিব বিচাৰিছিল। অদিতিৰ প্ৰয়াসৰ বাবে Microsoft য়ে ৩০,০০০ ডলাৰ উপহাৰ প্ৰদান কৰে। অদিতিৰ মতে ফেচবুক আৰু মাইক্ৰছফটৰ Remote Code Execution ত ক্ৰুটি আছিল আৰু এনে ক্ৰুটি থাকিলে হেকাৰে সহজেই প্ৰতিষ্ঠানৰ আভ্যন্তৰীণ প্ৰক্ৰিয়াৰ হস্তক্ষেপ কৰিবলৈ সক্ষম হয় বুলি জনায়। এথিকেল হেকাৰ অদিতিয়ে Microsoft আৰু ফেচবুকৰ দৰে প্ৰতিষ্ঠানৰ ক্ৰুটি ধৰা পেলাই উপহাৰ লাভ কৰি স্বাভাৱিকতেই উৎফুল্লিত হয়। উল্লেখযোগ্য যে বিগত ২ টা বছৰে এথিকেল হেকিঙৰ জগতত নিজৰ দক্ষতা নিৰূপন কৰি আহিছে অদিতিয়ে।

You might also like
Leave A Reply

Your email address will not be published.