মাত্ৰ ১০ হেজাৰ টকা জমা থৈ ১৮ লাখৰ মালিক হওক

নিউজ ডেস্ক ,এন ই ভাৰত

বৰ্তমান সকলো মানুহেই নিজৰ ভৱিষ্যত আৰ্থিকভাৱে সুৰক্ষিত হোৱাটো বিচাৰে,আৰু সেয়ে ভৱিষ্যত সুৰক্ষিত কৰিবলৈ অৱলম্বন কৰে বিভিন্ন উপায়।নিজৰ কষ্টোপাৰ্জিত ধন বিনিয়োগ কৰি লাভৰ অংশ ভোগ কৰিবলৈ সকলোৱে বিছাৰে।বৰ্তমান সময়ত বিভন্ন অনুস্থান প্ৰতিস্থানৰ বহুতো আঁচনি উপলব্ধ যদিও লাভজনক আৰু সুৰক্ষিত আঁচনি বাচনি কৰাটো খুবেই গুৰুত্বপূৰ্ণ। ইয়াৰ ভিতৰত ডাকঘৰৰ Small Savings Scheme উল্লেখযোগ্য। এই আঁচনিয়ে আপোনাৰ ধন সুৰক্ষিত কৰাৰ লগতে প্ৰতিমাহে প্ৰদান কৰিব এক লাভজনক আয়। অতি কম পইচাত এই আঁচনি খুলিব পাৰে।মাত্ৰ ১০০ টকাৰ বিনিয়োগেৰে খুলিব পৰা এই আঁচনিত নিজৰ ইচ্ছা অনুসৰি টকা বিনিয়োগ কৰিব পাৰে।এই আঁচনি ৫ বছৰৰ বাবে প্ৰযোজিত। ৫ বছৰতকে কম সময়ৰ বাবে এই আঁচনি খুলিব পৰা নাযায়।এই আঁচনিত বিনিয়োগ কৰা টকাৰ বাবদ ডাকঘৰৰ তৰফৰ পৰা প্ৰতি ৩ মাহত ৫.৬ শতাংশকৈ সুত পৰিশোধ কৰিব।ইয়াৰোপৰি এই আঁচনিত কেন্দ্ৰীয় চৰকাৰে সুত পৰিশোধ কৰাৰ কথা ঘোষণা কৰিছে। ডাকঘৰৰ RDত যদিহে আপুনি ১০ বছৰৰ বাবে প্ৰতিমাহে ১০,০০০ কৈ বিনিয়োগ কৰে তেন্তে মেচ্যুৰিটিৰ সময়ত লাভ কৰিব ১৮,০২,৬৪৬ টকা। যদিহে কোনো এটা মাহত বিনিয়োগ কৰিবলৈ অসমৰ্থ হয় তেতিয়া আপুনি বিনিয়োগ কৰা টকাতকৈ ১% বেছি বিনিয়োগ কৰিব লাগিব।।

You might also like
Leave A Reply

Your email address will not be published.