মাত্ৰ ৫০০ টকাৰ বাবেই নৃশংসভাৱে হত্যা এজন যুৱকক!

নেচনেল ডেস্ক:

ত্তৰ প্ৰদেশৰ গৌতমবুদ্ধ নগৰ জিলাৰ ইকোটেক-৩ থানা এলেকাত সংঘটিত হয় এক নৃশংস ঘটনা । মাত্ৰ ৫০০ টকাৰ বিনিময়ত এজন লোকক ছুৰীৰে আক্ৰমণ কৰি হত্যা কৰে আন এজন লোকে । ইকোটেক-৩ থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক সুনীল দত্তই জনোৱা মতে, ৰাম অৱতাৰ নামৰ লোক জনে বিজয় হৰিকিষাণ নামৰ এজন লোকৰ দ্বাৰা ৰঙৰ কাম কৰাইছিল। ইয়াৰ বাবদ হৰিকিষাণে ৰাম অৱতাৰৰ পৰা পাব আছিল ৫০০ টকা । বিজয়ে নিজৰ পাবলগীয়া টকাখিনি আনিবলৈ ৰাম অৱতাৰৰ ঘৰত যোৱাত টকা খিনি পিছত দিম বুলি কোৱাত ক্ষুন্ন হৈয়ে বিজয়ে তেওঁক ছুৰীৰে আক্ৰমণ কৰে। সংকটজনক অৱস্থাত ৰাম অৱতাৰক দিল্লীৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও শুকুৰবাৰে চিকিসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়।।

You might also like
Leave A Reply

Your email address will not be published.